কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মৃণালিনী দেৱী শিশু নিকেতনত কালি সংঘটিত হ’ল এক চুৰিকাণ্ড । চোৰে লৈ গ’ল শিক্ষানুষ্ঠান খনৰ মূল্যৱান পানীৰ মটৰ । লণ্ডভণ্ড কৰিলে পানীৰ পাইপ । যোৱা চাৰি মাহত ধাৰাবাহিক ভাৱে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বিদ্যালয় খনত ।
স্কুলৰ ঘন্টাৰ বে’ল, পানীৰ ফিল্টাৰ, শিক্ষণ সজুঁলি,মধ্যাৰ্ণ ভোজনৰ থাল একোৱেই বাকী ৰখা নাই চোৰে ।
ইতিমধ্যে, উত্তৰ গুৱাহাটী আৰক্ষী থানাক অৱগত কৰা হৈছে এই চুৰিকাণ্ডৰ ঘটনা ।
ইফালে , ধাৰাবাহিক চুৰিকাণ্ডত বিনষ্ট হৈ পৰিছে শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ । যাৰবাবে প্ৰশাসনক এই ধাৰাবাহিক চুৰিকাণ্ড বন্ধ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে শৈক্ষিক সমাজে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!