বাৰ্ষিক বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহ।
ৰাজ্যৰ সাংস্কৃতিক পথাৰখনৰ আগশাৰীৰ তথা জনপ্ৰিয় বেচৰকাৰী শিক্ষা, সাহিত্য, সাংস্কৃতিক, সামাজিক অনুষ্ঠান “আৰোহণ আৰ্টিষ্ট গীল্ডে”যোৱা ২৪ টা বৰ্ষৰ দৰে এইবেলিও লক্ষী ৰাম বৰুৱা সদনত দিন যোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰোহণ আৰ্টিষ্ট গীল্ডৰ ৰুপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভনি কৰা হয়।
অসমীয়া আৰু জাতীয় সাংস্কৃতিক সমাৰোহৰ জৰিয়তে আৰু ২৫ জন শিল্পী – সাহিতিক – সাংবাদিক -সমাজ সেৱকৰ উপস্থিতিত বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাৰ প্ৰতিচবিত ২৫ গছি বন্তি প্ৰজ্বলন কৰাৰ পিছত লগে-লগে ভূপেনদাৰ বহু সমাদৃত “মানুহে মানুহৰ বাবে” কালজয়ী গীতটি সমস্বৰে পৰিবেশন কৰা হয়।
উক্ত অনুষ্ঠানত দুলীয়াজানৰ মঞ্জুৰী গগৈক আৰোহণ যুৱ সাংবাদিকতা বঁটা, ৰামদিয়াৰ সৰস্বতী দত্তক আৰোহণ কৃতি শিক্ষয়িত্ৰী বটা,বৰ্ণি গাঁৱৰ যুৱ অভিযন্তা ইফতিকাৰ হুছেইনক আৰোহণ কৰ্ম উদ্যোগী বঁটা প্ৰদান কৰে। লগতে সৰ্ব শিক্ষা আঁচনিৰ জৰিয়তে হাজোত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অহৰহ চেষ্টা অব্যাহত ৰখা হাজো প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰাক্তন শিক্ষা সমন্বয়ক তথা খোপনিকুছি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ফিৰোজ আলীক আৰোহণ কৃতি শিক্ষকৰ বঁটাৰে বিভূষিত কৰে।
আৰোহণ আৰ্টিষ্ট গীল্ডৰ সভাপতি তথা সদৌ অসম সা;বাদিক সন্থা (আজু) ৰ কামৰূপ জিলা সমিতিৰ সভাপতি দিলীপ নাথে আতধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে জি এন আৰু চিৰ বিশিষ্ট চিকিৎসক ডা০ মৌচুমী বৰঠাকুৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন মুখ্য সম্পাদক ড০ জগদীশ পাটগিৰী,অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃনালিনী দেবী, বিশিষ্ট গীতিকাৰ , সুৰকাৰ, শিল্পী তথা চিকিৎসক ডাঃ অঞ্জন জ্যোতি চৌধুৰী ,সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, উপদেষ্টা মনোৰঞ্জন ভট্টাচাৰ্য্য, সম্পাদক নকুল তালুকদাৰ , সাংবাদিক মুনীন ডেকা উপস্থিত থাকে।
অনুষ্ঠানত হাজোৰ বিশিষ্ট শিল্পী , সাংবাদিক মেছেৰ আলীয়ে জিকিৰ পৰিবেশন কৰে।
- পঙ্কজ নাথৰ ৰিপৰ্ট