🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৬ ভাদ, বৃহস্পতিবাৰ, ইং ১২ ছেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১০/৪১
সূৰ্য্যাস্ত ঘ :- ৫/২৬/৪৯
ৰাশি : – ধনু ৰাশি।
তিথি :- শুক্লা নৱমী তিথি । আ:ঘ:- ৬/১২/৪৬ যোৱাত শুক্লা দশমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- মূলা । আ:ঘ:- ৬/২০/২৪ লৈ।
শুভ সংখ্যা :- ৩/২
শুভ ৰং :- ৰঙা/ হালধীয়া।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- পূৱ দিশত নাই। আ:ঘ:- ৬/১২/৪৬ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত। আ:ঘ:- ৬/১২/৪৬ যোৱাত উত্তৰ দিশত।
ভক্ষাভক্ষ্য :- লাও খোৱা নিষেধ। আ:ঘ:- ৬/২২/৪৬ যোৱাত কলমৌ শাক খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সাহসৰ পৰিচয় দিবলৈ সক্ষম হব, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা কৰ্মত অশান্তি বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বস্তু বেছা কিনাত সফলতা লাভ কৰিব, উত্তম ভোজন লাভ কৰিব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সিদ্ধি লাভ কৰিব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ নাশ হব, স্বাস্থ্যৰ উন্নতি হ’ব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে, মনৰ আশা পূৰণ হ’ব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক দিশত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, খেতিয়ক সকলৰ কৃষি কৰ্মত উন্নতি সাধন হব যদিও আজি আপুনি সকলো কৰ্মতে সাৱধান হোৱাটো ভাল হ’ব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!