🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৭ ভাদ, শুক্ৰবাৰ, ইং ১৩ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১১/৮
সূৰ্য্যাস্ত ঘ :- ৫/২৮/১৫
ৰাশি : – ধনু ৰাশি। ৰা:ঘ:- ১১/২৮/৪০ মকৰ ৰাশি।
তিথি :- শুক্লা দশমী তিথি । আ:ঘ:- ৫/৩৩/৬৮ যোৱাত শুক্লা একাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বষাৰা । আ:ঘ:- ৫/৫৮/৪০ লৈ।
শুভ সংখ্যা :- ৩/৬
শুভ ৰং :- চিত্ৰ বিচিত্ৰ/ বগা।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- নাই। স:ঘ:- ৫/৫৮/৪০ যোৱাত দ্বিপদ।
যাত্ৰা :- উত্তৰ দিশত নাই। আ:ঘ:- ৫/৩৩/৫৮ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত । আ:ঘ:- ৫/৩৩/৫৮ যোৱাত অগ্নি কোনত।
ভক্ষাভক্ষ্য :- কলমৌ শাক খোৱা নিষেধ। আ:ঘ:- ৫/৩৩/৫৮ যোৱাত উৰহী খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, মনত ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপুনি কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে উন্নতি সাধন হব, মনত শান্তি বাঢ়িব, যদিও আজি আপুনি কৰ্মত সজাগ হৈ আগবাঢ়ি যোৱাটো ভাল হ’ব।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সংযমী হোৱাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, মনত ভক্তি ভাৱ বাঢ়িব, ধৰ্মীয় স্থান দৰ্শন কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত ধৰ্মীয় কৰ্ম অনুষ্ঠিত কৰিবলৈ সুযোগ লাভ কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য ক্লান্তি ভাৱ বাঢ়িব পাৰে লগতে আজি খেতিয়ক সকলে মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব,ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ মনত সামান্য অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ আজিৰ দিনটোত শুভ বুলি কব পাৰি, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিবৰ পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!