নদুৱাৰ অঞ্চলৰ ইটাখোলাৰ ডিপলোঙা বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত পূৱ শোনিতপুৰ বন সংমণ্ডলৰ হৈ আজি বিশ্ব অ’জন দিৱস উদযাপন কৰা হয়৷
এই উপলক্ষে বালিজুৰি অঞ্চলৰ খেৰবাৰীৰ ইন্দিৰা গান্ধী আৰ্দশ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰছাত্ৰী ও শিক্ষক কৰ্মচাৰী সকলৰ মাজত আয়োজিত সজাগতা অনুষ্ঠানৰ আত ধৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক চন্দ্ৰ আমগাই য়ে৷অনুষ্ঠানটিত বিশ্ব অ’জন দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ডিপলোঙা আঞ্চলিক বন বিষয়া ৰূপম কুমাৰ শৰ্ম্মাই কয় যে ১৯৯৪ চনৰ ১৫ চেপ্তেম্বৰৰ পৰা বিগত ৩০ বছৰ ধৰি বিশ্ব অ’জন দিৱস পালন কৰা অহা হৈছে৷ এই বিশ্ব অ’জন দিৱস উপলক্ষে আজি আমি ইয়াত সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছো ৷ যিহেতু গছ থাকিলেহে মানুহ থাকিব৷গতিকে আমি সকলোৱে গছ-গছনিসমূহ ৰোপন কৰিব লাগে৷এই পৃথিৱীৰ গছ গছনি জীৱ জন্তু সমুহেই হৈছে প্ৰকৃতি ও পাৰিপাৰ্শ্বিক পৰিবেশ৷ প্ৰাকৃতিক তথা পাৰিপাৰ্শিক পৰিবেশ মানৱজীৱনৰ অপৰিহাৰ্য্য আংগ৷বিশেষকৈ অ’জন স্তৰ বৃদ্ধি হোৱাটো মানুহৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ৷সেইহে অজন স্তৰ অৱক্ষয়ৰ ৰোধ কৰিব লাগিব
