🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১ আহিন, বুধবাৰ, ইং ১৮ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৩/২৩
সূৰ্য্যাস্ত ঘ :- ৫/২২/৩৩
ৰাশি : – কুম্ভ ৰাশি। পু:ঘ:- ৭/৬/১৬ যোৱাত মীন ৰাশি।
তিথি :- পূৰ্ণিমা তিথি ।পু:ঘ:- ৮/৪৩/১৯ যোৱাত কৃষ্ণা প্ৰতিপদ তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বভাদ্ৰপদ ।দি:ঘ:- ১২/৪৩/২৯ লৈ।
শুভ সংখ্যা :- ৫/৭
শুভ ৰং :- বগা / সেউজীয়া।
আদ্যঋতু :- দূৰ্ভগা যোগ।
মৰণৰ দোষ :- দ্বিপদ । দি:ঘ:- ১২/৪৩/২৯ যোৱাত নাই ।
যাত্ৰা :- বাযু কোনত নাই। দি:ঘ:- ৮/৪৩/ ২৯ যোৱাত পূৱ দিশত নাই।
যোগিনী :- বাযু কোনত। দি:ঘ:- ৮/৪৩/ ২৯ যোৱাত পূৱ দিশত।
ভক্ষাভক্ষ্য :- মাছ মাংস খোৱা নিষেধ। পু:ঘ:- ৮/৪৩/১৯ যোৱাত কোমোৰা খোৱা নিষেধ।
বি:দ্ৰ:- আজি আংশিক চন্দ্ৰ গ্ৰহণ, ভাৰতবৰ্ষৰ পৰা অদৃশ্য বাবে গ্ৰহণৰ প্ৰভাৱ নপৰে সেয়েহে গ্ৰহণৰ কোনো নিয়ম পালন কৰিব নালাগে। গ্ৰহণ আৰম্ভণি হ’ব:- ৰাতিপুৱা ৭/৪২ মিনিটৰ পৰা আৰু গ্ৰহণ সমাপ্ত হ’ব ৰাতিপুৱা ৮/৪৭ মিনিটত। মুঠ গ্ৰহণৰ সময় মাত্ৰ ১ ঘন্টা ৫ মিনিটত
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য জনৰ পৰা কৰ্মত সহাৰি লাভ কৰিব, লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আনৰ উপকাৰ হোৱা কৰ্ম কৰিবলৈ আগ্ৰহী হ’ব, যদিও আজি খেতিয়ক সকলে সজাগ নহ’লে সামান্য কৰ্মত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব, যদিও আজি খেলুৱৈ সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব, লগতে আজি আপোনাৰ পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ বুদ্ধিৰ উদয় হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে উন্নতি সাধন হব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সামান্য বাধাৰ আহিব যদিও আজি আপুনি দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205