নগাঁও জিলাৰ কচুৱাত সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কচুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।আমছুৰ নগাঁও জিলা সমিতিৰ নিৰ্দেশ মৰ্মে কচুৱা মাৰ্কাজ একাডেমিৰ প্ৰেক্ষাগৃহত শতাধিক আমচু কৰ্মীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত ৫১ জনীয়া নৱ নিৰ্বাচিত কচুৱা আঞ্চলিক সমিতিখন গঠন কৰে। জাতিৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি শ্বহীদৰ আত্মাৰ সদ্গতিৰ বাবে নেদেখা জনৰ ওচৰত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। সভাত উপস্থিত থকা বিভিন্ন গঠন মূলক আলোচনাৰ অন্তত সকলো সদস্যৰ মতামতৰ ভিত্তিত পূৰ্বৰ সভাপতি নজৰুল ইছলামক সভাপতি,উপ সভাপতি ক্ৰমে মকবুল হুছেইন, ইবজাল হুছেইন, নুৰ আলম আৰু নাচিৰ উদ্দিনক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৫১ জনীয়া নতুন আঞ্চলিক সমিতিখন গঠন কৰা হয় ।এই গাম্ভীৰ্য্যপূৰ্ণ সভাত উপস্থিত থাকে আমচুৰ জিলা সমিতিৰ সভাপতি আব্দুল নুৰ, প্ৰাক্তন উপদেষ্টা মতিউৰ ৰহমান,আব্দুছ ছালাম ,সাংবাদিক মোজাক্কিৰ আহমেদ, মাইনদ্দিন হকৰ লগতে আমছৰ কাৰ্যকৰ্তাসকলৰ লগতে কচুৱাৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!