ভাৰতত জাতীয় পতাকাত কালেমা লিখাক লৈ ক্ষোভিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে। এই ঘটনাত আৰক্ষীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ ঘুবাৰা তহচিলৰ অন্তৰ্গত পাণয়া অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
একাংশ মুছলমানে জাতীয় পতাকা অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। জাতীয় পতাকাৰ মাজত থকা অশোক চক্ৰত আৰবী ভাষাত কালেমা লিখি ৰাজহুৱাভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছে। মধ্যপ্ৰদেশৰ এই ঘটনাত নিকটৱৰ্তী থানাত এজাহাৰ দাখিল কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি অমন সাহু নামৰ এজন ব্যক্তিৰ ওপৰত জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উঠিছে । তেওঁ বিশ্ব হিন্দু পৰিষদৰ কাৰ্যবাহীৰ আবেদনৰ ভিত্তিত আৰক্ষীয়ে অভিযোগ মানি লয়।

এই ঘটনাত ১৯৭১ চনৰ ২ নং ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীক দাখিল কৰা এজাহাৰত অমন সাহুৱে লিখিছে যে জাতীয় পতাকাত অশোক চক্ৰৰ সলনি আৰবী ভাষাত কালেমা লিখা হৈছে।

ইতিমধ্যে বিশ্ব হিন্দু পৰিষদৰ অভিযোগ অনুসৰি যিসকলে এই অপৰাধ সংঘটিত কৰিছে তেওঁলোকক সংগঠনটোৱে সকীয়াই দিছে। একে সময়তে আৰক্ষীক সকীয়াই দিয়া হৈছে যে অতি সোনকালে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক চিনাক্ত কৰি তেওঁলোকক কঠোৰ শাস্তি দিব লাগে। নিদিলে তীব্ৰ আন্দোলন আৰম্ভ কৰা হ’ব।

জাতীয় পতাকাক অপমান যিটো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি তেওঁলোকে দাবী কৰে,শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কিছুমান ছবি আৰু ভিডিঅ’ ভাইৰেল হৈছে। ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত অশোক চক্ৰ নাই। তাৰ পৰিৱৰ্তে কালেমা লিখা আছে।

ছাটাৰপুৰ জিলা আৰক্ষী অধীক্ষক আগম জৈনে কয় যে তেওঁলোকে এই অভিযোগ অতি গুৰুত্বসহকাৰে আৰু তৎকালীনভাৱে বিবেচনা কৰি আছে। ইতিমধ্যে তদন্তৰ কাম আৰম্ভ হৈছে।

আৰক্ষী অধীক্ষকে জনোৱা মতে, তেওঁলোকে গম পাইছিল যে ছটাৰপুৰ জিলাৰ ঘুবাৰা তহচিলৰ বামতোৰা থানা এলেকাত এই ঘটনা সংঘটিত হৈছে। কোনে এই অপৰাধ সংঘটিত কৰিছে তাৰ তদন্ত চলি আছে।

কোনোবাই অজ্ঞানতাৰ বাবেই নে ইয়াৰ আঁৰত কিবা কাৰণত এনে কাম কৰিছে সেই বিষয়েও আৰক্ষীয়ে তদন্ত কৰি আছে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!