🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১১ আহিন, শনিবাৰ, ইং ২৮ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৭/৫৩
সূৰ্য্যাস্ত ঘ :- ৫/১১/৪৮
ৰাশি : – কৰ্কট ৰাশি।
তিথি :- কৃষ্ণা একাদশী তিথি ।স:ঘ:- ৪/৫১/২৯ যোৱাত কৃষ্ণা দ্বাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অশ্লেষা । অহোৰাত্ৰ।
শুভ সংখ্যা :- ৮/৯
শুভ ৰং :- নীলা / বেঙুনীয়া।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- এপদ।আ:ঘ:- ৪/৫১/২৮ যোৱাত দ্বিপদ।
যাত্ৰা :- অগ্নি কোনত নাই। স:ঘ:- ৪/৫১/২৯ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত । স:ঘ:- ৪/৫১/২৯ যোৱাত নৈঋত কোনত।
ভক্ষাভক্ষ্য :- উৰহী খোৱা নিষেধ। স:ঘ:- ৪/৫১/২৯ যোৱাত পূৰৈ শাক খোৱা নিষেধ।

YouTube Link:- https://youtu.be/mi8C3W4FAgw

মহালয়াৰ বিষয়ে জানিবলৈ ওপৰৰ লিংকটো ক্লিক চাব কৰিব পাৰে

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ মনত ভয় আৰু উদ্বেগ ভাৱ সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থান সামান্য সলনি হ’ব পাৰে, ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে আৰ্থিক ক্ষতি হব পাৰে, লগতে আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বেচা কিনাত ক্ষেত্ৰত শুভ বুলি কব পাৰি, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ ধন লাভ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰ বা কৰ্মত ক্ষেত্ৰত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হ’ব, প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত আৰু ব্যৱসায়িক দিশত শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ কৰ্মত আনে প্ৰসংসা কৰিব, হাতলৈ ধন- ধান আহিব, নতুন প্ৰেমত সহাৰি লাভ কৰিব, যদিও আজি আপুনি কৰ্মত ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব, আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সংবাদ কৰ্মী আছে তেওঁলোকৰ শুভ হ’ব, কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপুনি দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব,ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত শত্ৰুক দমন কৰিবলৈ সক্ষম হব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, হাতলৈ ধন- ধান আহিব পাৰে, আনৰ পৰা আদৰ সন্মান লাভ কৰিব, লগতে আজি আপুনি সকলো কৰ্মতে সিদ্ধি লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!