১৯৮৮ চনৰে পৰা বিশ্ব স্বাস্থ্য সংস্থাই প্ৰত্যেক বছৰৰ ৩১ মে’ৰ দিনটো ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে যদিও তাৰ পৰা কিবা লাভ হৈছে যেন ধাৰণা হোৱা নাই৷ আজি বিশ্বত প্ৰতি চাৰে ছয় চেকেণ্ডত এজন লোকৰ ধূম্ৰপানৰ অপকাৰৰ ফলত মৃত্যু ঘটিছে৷ আমাৰ ভাৰতবৰ্ষত বছৰি ৯ লাখ মানুহে মৃত্যুবৰণ কৰে আৰু তাৰে ৬ লাখেই হ’ল ধঁপাত সেৱন কৰোঁতা৷ আমাৰ দেশত ঘটা প্ৰতি দহটা মৃত্যুৰ বিপৰীতে এটাৰ কাৰণ হ’ল ধূম্ৰপান।
বিজ্ঞানীসকলৰ মতে ধূম্ৰপায়ী ব্যক্তিৰ আয়ুস ধূম্ৰপান নকৰাসকলতকৈ ১০ৰ পৰা ১৫বছৰ কম৷

বৰ্তমান বিশ্বৰ ভিতৰত ভূটান একমাত্ৰ দেশ য’ত ধঁপাতযুক্ত যি কোনো পদাৰ্থৰ বিক্ৰীত সম্পূৰ্ণ চৰকাৰী নিষেধাজ্ঞা বলবৎ আছে৷ আমাৰ দেশত ৰাজহুৱা স্থানত, বাচত, ৰেলত, অফিচত ধূম্ৰপান নিষেধৰ আইন আছে যদিও তাৰ প্ৰয়োগ বৰ শিথিল৷ একেদৰে ১৮বছৰৰ তলৰ লোকক ধঁপাতযুক্ত সামগ্ৰী বিক্ৰীও নিষেধ৷ চিগাৰেটৰ পেকেটত ইয়াক বিপদজনক বুলি জনায়।

ধঁপাতৰ অপকাৰিতাৰ কথা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি৷ মূৰৰ পৰা ভৰিলৈকে শৰীৰৰ কোনো এটা অংশ এনে নাই যাৰ ওপৰত ধঁপাতৰ কু-প্ৰভাৱ নপৰে৷ এতিয়া চমুকৈ তাৰ আভাস লওক: –

মূৰৰ চুলি: চুলিৰ পৰা দুৰ্গন্ধ ওলাব ধৰে৷ চুলিৰ স্বাভাৱিক ৰং সলনি হয় আৰু ই পখৰা-পখৰি, মুগা বৰণ লবলৈ ধৰে।‌

মস্তিষ্ক: ষ্ট্ৰকৰ এক উল্লেখযোগ্য কাৰণ হ’ল ধূমপান৷

হাওফাওঁ: নিউমোনিয়া, ব্ৰংকাইটিচ, হাঁপানী আদিৰ ওপৰিও আটাইতকৈ বিপদজনক হ’ল কৰ্কট ৰোগ।

খাদ্যনলী বা ইচোফেগাচ : কেঞ্চাৰ ।

হৃদযন্ত্ৰ: হাৰ্টএটেক, তেজৰ নলীত চৰ্বি জমা হোৱা এথেৰ’স্কৰেচিচ।

পাকস্থলী আৰু ডিঅ’ডিনাম: কেঞ্চাৰ।

লিভাৰ: কেঞ্চাৰ।

পেনক্ৰিয়াচ: কেঞ্চাৰ।

কিডনি আৰু মূত্ৰ প্ৰণালী: ৪০%কেঞ্চাৰ ৰ কাৰণ হ’ল ধূমপান৷

এনে মৰাত্মক ব্যাধিৰ পৰা নিজকে দূৰত ৰাখি নিজৰ আপোনজনৰ সদায় সাহসৰ প্ৰতীক হৈ থিয় দি আহক আমি সকলোৱে এখন বিশুদ্ধ ধঁ‌পাতমুক্ত অসম গঢ়াৰ অংশীদাৰ হওঁ‌।(সংগ্রহিত)

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!