জামুগুৰিহাটৰ মংগলবৰীয়াত আজি শ্ৰী শ্ৰী দূৰ্গা পূঁজা উদযাপন কমিটিৰ উদ্যোগত ৫৬ বছৰীয়া দুৰ্গাপূঁজাৰ স্থায়ী মণ্ডপৰ তোৰণৰ নিৰ্ম্মান কাৰ্য্যৰ শুভাৰম্ভ কৰা হয়৷ মংগলবৰীয়া সাৰ্ব্বজনীন দুৰ্গাপূঁজা উদযাপন কমিটিৰ সভাপতি ধনপতি কাফলে আৰু সম্পাদক পদ্ম নেৱাৰ ৰ বিশেষ তৎপৰতাত অঞ্চলটোৰ ৰাইজৰ সহযোগত নিৰ্ম্মান হবলগা শ্ৰীশ্ৰী দূৰ্গাপূঁজা মণ্ডপৰ তোৰণখনিৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰি আধাৰশিলা স্হাপন কৰে জিলাপৰিষদৰ প্ৰাক্তন সদস্য তথা যুৱ সমাজকৰ্মী কিশোৰ দাহালে৷আধাৰশিলা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে প্ৰাক্তন পঞ্চায়ত সভাপতি দিপক নেৱাৰ,শিক্ষক সমাজকৰ্মী নিলকমল নেৱাৰ,গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰঘু বৰা, সমাজকৰ্মী শিৱলাল নেৱাৰ কে ধৰি বহুকেইগৰাকী গন্যমান্য ব্যক্তিৰ লগতে শতাধিক ৰাইজ৷ অঞ্চলটোৰ ৮ খনকৈ গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে বিগত বৰ্ষ সমুহত উলহমালহেৰে উদযাপন কৰি অহা মংগলবৰীয়া সাৰ্ব্বজনীন শ্ৰীশ্ৰী দূৰ্গাপূঁজা মহোৎসৱে সোঁনালী জয়ন্তীবৰ্ষ অতিক্ৰম কৰি এই বৃহৎ মণ্ডপৰ তোৰন খনি নিৰ্ম্মান কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে৷