🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৪ কাতি, সোমবাৰ, ইং ২১ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/২৮/৩৩
সূৰ্য্যাস্ত ঘ :- ৪/৪৭/২৭
ৰাশি : – বৃষ ৰাশি। ৰা:ঘ:- ১২/৯/২২ যোৱাত মিথুন ৰাশি।
তিথি :- কৃষ্ণ চতুৰ্থী । দি:ঘ:- ৮/৫৪/৩৫ যোৱাত কৃষ্ণা পঞ্চমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- ৰোহিনী। দি:ঘ:- ১২/৪/৫৩ লৈ।
শুভ সংখ্যা :- ২/৩
শুভ ৰং :- বগা/ গোলপীয়া।
আদ্যঋতু :- পতিহিতা যোগ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- নৈঋত কোনত নাই। দি:ঘ:- ৮/৫৪/৩৪ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত। দি:ঘ:- ৮/৫৪/৩৪ যোৱাত দক্ষিণ দিশত।
ভক্ষাভক্ষ্য :- মূলা খোৱা নিষেধ।দি:ঘ:- ৮/৬৪/৩৪ যোৱাত বেল খোৱা নিষেধ।

My YouTube Link:-
https://youtube.com/@astrologernayanjyotisarma8497

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলি হোৱাৰ হ’ব পাৰে।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ’লে বন্ধু হানি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, সমাজ কৰ্মী সকলে সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য অভাৱ অভিযোগ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত শ্ৰদ্ধা ভক্তি ভাৱ বাঢ়িব, শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, নতুন কৰ্মৰ সন্ধান লাভ কৰিব যদিও আজি আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন আৰু চিন্তিত হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ মনত সুখ শান্তি বাঢ়িব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ আৰু চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৌশলেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, লগতে আজি আপুনি ভাল কাপোৰ পৰিধান কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিকোনো কৰ্ম আৰম্ভণি শুভ হ’ব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!