বিদ্যালয়ৰ শৈক্ষিক মান উন্নত কৰাৰ ওপৰত গুৰুত্বপ্ৰদান ৷

শোণিতপুৰ জিলাৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত আজিৰে পৰা দুদিনীয়া কাৰ্যসুচীৰে নদুৱাৰ শৈক্ষিক এলেকাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমুহৰ বিদ্যালয় পৰিচালনা কমিটিৰ সদস্য সকলক লৈ এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হয় ৷ বৃহত্তৰ নদুৱাৰ অঞ্চলৰ মুঠ ১৪ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি, উপসভাপতি সহ পাচঁগৰাকীকৈ সদস্যই এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ৷ বিদ্যালয় পৰিচালনা কমিটিৰ দ্বায়িত্ব আৰু কৰ্তব্য, এখন বিদ্যালয়ৰ গুণগত শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা কমিটিৰ ভূমিকা সম্পৰ্কেও বিষদ আলোচনা কৰাৰ লগতে শিক্ষক -অভিভাৱকৰ সমন্বয় অবিহনে বিদ্যালয়ৰ শিক্ষাৰ মান যে উন্নত নহয় এই সন্ধৰ্ভত বিষদ আলোচনা আগবঢ়াই জামুগুৰি একাডেমীৰ প্ৰধান শিক্ষক তথা এই প্ৰশিক্ষণৰ আৰ পি বাসৱ ভূঞা,আদাৱাৰী চাহ বাগিছা মডেল স্কুলৰ অধ্যক্ষ পদুম দাস,ফকৰুউদ্দিন আলি আহমেদ হাইস্কুলৰ প্ৰধান শিক্ষক খাইৰুল আকণ্ডে ৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই শুভ উদ্ধোধন কৰা এই প্ৰশিক্ষণ কাৰ্যসুচীত বিপিএম মনোজ শৰ্মাৰ লগতে চি আৰ চি চি হিৰেন নাথে অংশগ্ৰহণ কৰে ৷

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!