ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত এটা বনৰীয়া হাতীৰ পোৱালি মৃত্যু ৷ বাগিচাখনৰ ৯নং শাখাৰ এটি নলাত উদ্ধাৰ হয় হাতীৰ পোৱালীটো ৷ খাদ্যৰ সন্ধানত মাতৃৰ সৈতে অহা হাতীৰ পোৱালীটো নলাত পৰি যোৱাৰ ফলতে মৃত্য হয় ৷ মাতৃয়ে পোৱালীটো উদ্ধাৰ চেষ্টা চনায় যদিও মাটিত পুত খায় যোৱাত মৃত্যু হয় ৷ ৰাতিপুৱা বাগিচাখনৰ শ্ৰমিক কামলৈ যোৱাৰ সময়ত প্ৰত্যক্ষ কৰে মৃত হাতীৰ পোৱালীটো ৷ পাছত বাগিচা কৰ্তৃপক্ষ খবৰ দিয়াত বাগিচা কৰ্তপক্ষই বন বিভাগক খবৰ দিয়ে ৷ ইতিমধ্যে আমাৰীবাৰী বন বিভাগৰ লোক ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷ ৰঙাপৰা আজি কিছু দিন পুৰ্ৱে বন বিভাগে উদ্ধাৰ কৰিছিল হাতীৰ পোৱালী ৷ ৰঙাপৰাত বিছৰন কৰা হাতীৰ জাক সমূহত কেইবাটাও হাতীৰ পোৱা আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!