🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১০ আঘোন, মঙ্গলবাৰ, ইং ২৬ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫৪/৭
সূৰ্য্যাস্ত ঘ :- ৪/২৭/৫৯
ৰাশি : – কন্যা ৰাশি।
তিথি :- কৃষ্ণা একাদশী। ৰা:ঘ:- ৩/৫৯/৩১ যোৱাত কৃষ্ণা দ্বাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- হস্তা ।শে:ৰা:ঘ:- ৫/২৯/৩৬ লৈ।
শুভ সংখ্যা :- ৯/৩
শুভ ৰং :- ৰঙা/ সোনালী ।
আদ্যঋতু :- বেশ্যা যোগ ।
মৰণৰ দোষ :- এপদ ।ৰা ঘ:- ৩/৫৬/৩১ যোৱাত দ্বিপদ ।
যাত্ৰা :- অগ্নি কোনত নাই। ৰা:ঘ:- ৩/৫৬/৩১যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত। ৰা:ঘ:- ৩/৫৬/৩১যোৱাত নৈঋত কোনত।
ভক্ষাভক্ষ্য :- উৰহী খোৱা নিষেধ। ৰা:ঘ:- ৩/৫৬/৩১ যোৱাত পূৰৈ শাক খোৱা নিষেধ।
My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব,ছাত্ৰ ছাত্ৰী সকলৰ পঢ়া শুনাত মনোযোগ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য আত্মীয় পৰিয়ালৰ বা চিনাকি ব্যক্তিৰ পৰা বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ি সকলে লাভাৱান্বিত হ’ব পাৰিব, ছাত্ৰ ছাত্ৰী সকলৰ অধ্যয়ন ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্যক আৰু বুদ্ধিজীৱী সকলৰ কৰ্মত সুনাম অৰ্জন কৰিব পাৰিব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ বা দুষ্ট লোকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপুনি মনোমালিন্য হ’ব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত কৰ্মত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব, নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব,ধন সম্পত্তি লাভ কৰিব লগতে আজি আপুনি কৰ্মতক্ষেত্ৰ সলনি কৰিলে শুভ ফল লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে প্ৰাপ্য হানি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন সম্পত্তি বাঢ়িব, যদিও আজি আপুনি মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সামান্য অৱহেলাৰ ভাৱ সৃষ্টি হ’ব যদিও আজি আপোনাৰ ভ্ৰমণ শুভ বুলি কব পাৰি লগতে আজি আপোনাৰ ধন সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, কৰ্মত জয় লাভ কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি নিজকে স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা অতুত ৰাখিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205