আপুনি বাৰু জানেনে দাঁত পৰিষ্কাৰ কৰাৰ বাহিৰেও টুথপেষ্ট ঘৰুৱা বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি?
টুথপেষ্টৰ ব্যৱহাৰ…
১. জোতা চাফা কৰিব পাৰি টুথপেষ্টেৰে। বোকা লাগি থকা জোতা এখন শুকান কোমল কাপোৰত টুথপেষ্ট লগাই ঘঁহিলে জোতাযোৰ নতুনৰ দৰে জিলিকি উঠিব।
২. ঘৰত ল’ৰা-ছোৱালী থাকিলে বেৰত আঁকিলে শুকান কাপোৰত টুথপেষ্ট লগাই মচিব পাৰে।
৩. বাথৰুমৰ আইনাখন টুথপেষ্ট ব্যৱহাৰ কৰি মচিলে চিকচিকিয়া হয়।
৪. চাহ বা কফিৰ মগত হালধীয়া ৰঙৰ দাগ আঁতৰাবলৈ প্ৰথমে টুথপেষ্ট কিছু সময় লগাই তাৰপাছত ভালদৰে ধুই পৰিষ্কাৰ কৰক। নিমিষতে জিলিকি উঠিব।
৫. হাতৰ পৰা পিয়াঁজ-নহৰুৰ গোন্ধটো আঁতৰাবলৈ টুথপেষ্ট ঘঁহিলে দুৰ্গন্ধ নিমিষতে নাইকিয়া হয়।
৬/ হঠাতে কাপোৰত কলমৰ দাগ পৰিল? চিন্তাৰ কোনো কোৰণ নাই। টুথপেষ্টৰ সহায়ত সোনকালে দাগ আঁতৰাব পাৰি। দাগ আঁতৰ হ’লে কাপোৰখন ডিটাৰজেণ্টেৰে ধুব লাগে। আপুনিও একেদৰে লিপষ্টিকৰো দাগ আঁতৰাব পাৰে।
৭. কাঠৰ আচবাবত পানীৰ দাগ আঁতৰাবলৈ টুথপেষ্ট ব্যৱহাৰ কৰক।
৯. কাৰ্পেটত চাহ বা কফিৰ দাগ পৰিলে তাৰ ওপৰত টুথপেষ্ট কিছু ঘঁহি চাফা কৰিব।
১০. লোৰ তাঁৰে কাপোৰ মামৰৰ দাগ লগালে কোমল কাপোৰ এখনত টুথপেষ্টেৰে লগাই পৰিষ্কাৰ কৰি আন এখন কাপোৰেৰে মচি দিব।