🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৩ আঘোন, শুক্ৰবাৰ, ইং ২৯ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫৫/৫৭
সূৰ্য্যাস্ত ঘ :- ৪/২৮/২২
ৰাশি : – তুলা ৰাশি।
তিথি :- কৃষ্ণা ত্ৰয়োদশী ।
প্ৰা:ঘ:- ৮/৯/৪৬ যোৱাত কৃষ্ণা চতুৰ্দ্দশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- স্বাতী । প্ৰা:ঘ:- ১০/৩৫/৫৯ লৈ।
শুভ সংখ্যা :- ৬/৩
শুভ ৰং :- চিত্ৰ বিচিত্ৰ/ বগা।
আদ্যঋতু :- বেশ্যা যোগ ।
মৰণৰ দোষ :- নাই । প্ৰা:ঘ:- ৮/৯/৪৬ যোৱাত এপদ, দি:ঘ:- ১০/৩৫/৫৯ যোৱাত ত্ৰিপদ।
যাত্ৰা :- দক্ষিণ দিশত নাই। প্ৰা:ঘ:- ৮/৯/৪৬ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত । প্ৰা:ঘ:- ৮/৯/৪৬ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ। প্ৰা:ঘ:- ৮/৯/৪৬ যোৱাত মাছ মাংস খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হ’ব, কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপুনি নিজৰ কৰ্মত গুৰুত্ব দিয়াটো ভাল হ’ব।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কথা বতৰা কওঁতে সাৱধান হোৱাটো ভাল হ’ব, ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত লক্ষ্যত উপনীত হবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হ’ব, কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত অলপ সজাগ হোৱাটো ভাল হ’ব।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ সন্ধান লাভ কৰিব, আৰ্থিক দিশটো টনকিয়াল হ’ব যদিও আজি আপুনি খৰছ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, সমাজ কৰ্মী সকলে সন্মান লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, ভাল খৱৰ লাভ কৰিব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সকলো দিশতে সুৰক্ষিত হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, নিজকে স্বাৱলম্বী কৰিব চেষ্টা অব্যাহত ৰাখিম সক্ষম হব, যদিও আজি আপুনি আৰ্থিক দিশত অলপ সতৰ্ক হোৱাটো ভাল হ’ব।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত শত্ৰু নাশ হব, ছাত্ৰ ছাত্ৰী সকলৰ পঢ়া শুনা মনোযোগ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য অৱসাদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৰ বা ওচৰ চুবুৰীয়াৰ লগত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!