যাত্ৰীবাহী বিমানত বোমা বোমাতংক। শনিবাৰে পুৱা মুম্বাই বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। শনিবাৰে পুৱা চেন্নাইৰ পৰা মুম্বাইত অৱতৰণ কৰাৰ পিছত মুম্বাই বিমানবন্দৰত ইণ্ডিগ’ বিমানত বোমা বোমাতংক হোৱাৰ খবৰ আহে। লগে লগে বিমানখনত অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। জানিব পৰা মতে, ১৭২ জন যাত্ৰীসহ ইণ্ডিগ’ বিমানখনে পুৱা প্ৰায় ৭ বজাত চেন্নাইৰ পৰা মুম্বাই বিমানবন্দৰলৈ উৰা মাৰিছিল। পুৱা প্ৰায় ৯:৩০ বজাত মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে। ইয়াৰ পিছতে সন্ধান আৰম্ভ হ’ল। অৱশ্যে এতিয়ালৈকে সন্দেহজনক একো পোৱা নাই বুলি জানিব পৰা গৈছে। এতিয়াও বিমানখনত আছে যাত্ৰীসকল। বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, তেওঁলোকৰো তালাচী চলোৱা হৈছে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!