⭕সংবাদ-মাধ্যম, দল সংগঠনৰ উদ্যোগত অবৈধ গাহৰি চিন্দিকেট চক্ৰৰ বিৰুদ্ধে এই প্ৰতিবাদ
Story. চৰকাৰী নিদ্দেশনা অমান্য কৰি এটা দুষ্ট চক্ৰই সৰৱৰাহ কৰিছিল গাহৰি | উল্লেখ্য যে, ১৯ নবেম্বৰত চোৱাইন ফিভাৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল গাহৰিৰ কিনা বেচা আৰু সৰৱৰাহত | বহিঃৰাজ্যৰ পৰাও শিৱসাগৰলৈ গাহৰি অনাত বাধা আৰোপ কৰিছিল | কিন্তু এটা চক্ৰই আমগুৰিৰ মাজেদি ৬১ নং ঘাই পথেদি গাহৰি সৰৱৰাহ কৰি আছে | দৈনিক এখন গাড়ীত প্ৰায় এক কোটি টকাৰ গাহৰি কানপুৰৰ পৰা শিৱসাগৰৰ আমগুৰি হৈ নগালেণ্ডলৈ সৰৱৰাহ হৈ আহিছে | সদৌ অসম গাহৰি পালক সন্থাই এই কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে দেওবাৰে পুৱা জাজীত আৱদ্ধ কৰে এখন গাহৰি ভৰ্তি ট্ৰাক | এই সময়তেই সংবাদ সংগ্ৰহৰ বাবে যোৱা সংবাদ কৰ্মীক অবৈধ গাহৰিৰ ব্যৱসায়ী সন্থাই চৰম দু-ব্যৱহাৰ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে | যাৰ প্ৰতিবাদত এনেদৰে আজি আমগুৰিৰ সংবাদকৰ্মী সকলৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ কৰ্মীয়ে মানৱ শৃংখলেৰে আমগুৰিৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে | গৌৰীসাগৰ থানা, আমগুৰি থানা, হালোৱাটিং থানাৰ সমুখেদিয়েই দৈনিক সৰবৰাহ হয় বিভিন্ন অবৈধ সামগ্ৰী | কিন্তু আৰক্ষীয়ে নিৰ্বিকাৰ হৈ শুই থাকে ৰিতুমণি হাজৰিকা | ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, আটাছুকে ধৰি কেইবাটাও সংগঠনৰ বিষয়ববীয়াই আমগুৰিৰ মাজেদি চলি থকা বাৰ্মিজ চুপাৰি, অৰুণাচলী সুৰা, গাহৰি আদিৰ সৰবৰাহ আৰু চিণ্ডিকেটৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ লগতে আৰক্ষীৰ নিৰ্লিপ্ততাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। |
সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা দুষ্ট চক্ৰৰ ওপৰত দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনায় প্ৰতিবাদকাৰীসকলে |
ফাৰহান লস্কৰ ৰিপৰ্ট, শিৱসাগৰ