কেবিনেট মন্ত্ৰী কেশৱ মহন্তই হিতাধিকাৰীক প্ৰদান কৰে ভূমিৰ পট্টা।

কামৰূপ জিলা প্ৰশাসনে বাইহাটাৰ শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰে ভূমি পট্টা বিতৰণ সভা। মিছন বসুন্ধৰা ২.০ জৰিয়তে কমলপুৰ সমষ্টিৰ ৫৯১ গৰাকী হিতাধিকাৰীক ভূমিৰ পট্টা প্ৰদান কৰা হয়। অতিশীঘ্ৰে মিছন বসুন্ধৰা১.০ বসুন্ধৰা ২.০ ত বঞ্চিত খিলঞ্জীয়া ভূমিহীন পৰিয়ালে বসুন্ধৰা ৩.০ ভূমিৰ পট্টা পোৱাটো চৰকাৰে নিশ্চিত কৰিব। ভূমিৰ পট্টা বিতৰণ কৰি এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ দূৰদৰ্শীতাৰ বাবে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত খিলঞ্জীয়া ভূমিহীন পৰিয়ালে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে । মুখ্যমন্ত্ৰী গৰাকীৰ এইটো এক যুগান্তকাৰী সিদ্ধান্ত । ভূমিৰ পট্টা বিতৰণ কৰি নিজৰ ভাষনত মন্ত্ৰী কেশৱ মহন্তই এই মন্তব্য আগবঢ়ায় । আজি নৱগঠিত ৩২নং কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কমলপুৰ-ৰঙিয়া-হাজো ৰাজহ চক্ৰৰ ৫৯১ গৰাকী খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ মাজত ভূমিৰ পট্টা বিতৰণ কৰে।
খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষা কৰা” মিছন বসুন্ধৰা”ৰ জৰিয়তে অসমৰ ভূমিহীন খিলঞ্জীয়া লোক লাভাম্বিত হ’ব বুলি সাংসদ দিলীপ শইকীয়াই নিজৰ ভাষণত মন্তব্য প্ৰদান কৰে।
এই অনুষ্ঠানত বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, কামৰূপ জিলাৰ ভাৰপ্রাপ্ত আয়ুক্ত নৰশিং বেই, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা আৰু কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনিকা বৰগোঁহাইৰ লগতে ৰঙিয়া আৰু হাজোৰ চক্ৰ বিষয়া দুগৰাকী উপস্থিত থাকে । যুগ-যুগ ধৰি ভূমিৰ পট্টা বিছাৰি হাবুডাবু খাই অহা পৰিয়াল সমূহে আজি ভূমিৰ পট্টা লাভ কৰি আনন্দিত হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!