অসমৰ ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ ১৯৭৯ – ৮২ চনৰ প্ৰাক-বিশ্ববিদ্যালয় গোটে (বিজ্ঞান আৰু কলা দুয়োটা শাখা) ১ ডিচেম্বৰ ৰবিবাৰে সোনাপুৰৰ ব্ৰক্ষ্মপুত্ৰ জংঘল ৰিজৰ্টত তেওঁলোকৰ প্ৰথম পুনৰ-মিলন পৰ্ব উদযাপন কৰে। ৰবিবাৰে সমগ্ৰ ৰাজ্যৰ পৰা এশৰো অধিক অংশগ্ৰহণকাৰীয়ে উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। ভাষণ, সাংস্কৃতিক কাৰ্যসূচী আদি আয়োজিত কৰি এই পুনৰ মিলন পৰ্ব উদযাপন কৰে ।

সেইদিনাৰ কাৰ্যসূচীত মুকলি অধিৱেশন উদ্বোধন কৰি অংশগ্ৰহণকাৰী সকলক আদৰণি জনাই ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টৰ পৰিচালন সঞ্চালক ত্ৰিদিব শৰ্মাই কয় যে পুৰণি বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰা আৰু বিভিন্ন বিষয়ত আলোচনা কৰাৰ বাবে যথেষ্ট প্ৰয়োজনীয় অনুভৱ কৰা হৈছে আৰু যাৰ বাবে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে । তেওঁ অংশগ্ৰহণকাৰীসকলক অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । কটন মহাবিদ্যালয়ৰ ১৯৭৯ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব পবন বৰঠাকুৰে সেইদিনা মহাবিদ্যালয়খনৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি উল্লেখ কৰে যে অতীতৰ কটন মহাবিদ্যালয়, বৰ্তমানৰ কটন বিশ্ববিদ্যালয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতিষ্ঠান হিচাপে থিয় হৈ আছে। অনুষ্ঠানটোত বৰঠাকুৰৰ উপৰিও ভাৰত চৰকাৰৰ প্ৰাক্তন মুখ্য আয়কৰ বিষয়া শান্তনু ডেকা (আইআৰএছ) , অৱসৰপ্ৰাপ্ত প্ৰধান মুখ্য বন সংৰক্ষক তথা বৰ্তমান অসম চৰকাৰৰ বিশেষ মুখ্য সচিব , (পৰিবেশ আৰু বন বিভাগ) এম কে যাদৱেও (আইএফএছ) ভাষণ প্ৰদান কৰি তেওলোকৰ ছাত্ৰ কালৰ স্মৃতি সজীৱ কৰি তুলিছিল।

অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এনআৰআই আৰু অতীতৰ শিক্ষাৰ্থীসকলো আছিল। তদুপৰি সেই বেচটোৰ যিসকল বৰ্তমান ইহ সংসাৰত নাই তেওঁলোকৰ প্ৰতি এক গাম্ভীৰ্যপূৰ্ণ স্মৰণ আৰু শোক প্ৰাৰ্থনাৰে মুকলি অধিৱেশনৰ আৰম্ভণি কৰা হৈছিল। মুকলি অধিৱেশনত অংশগ্ৰহণকাৰী সকলৰ দ্বাৰা কোৰাছ, বিহু, আধুনিক গান গোৱা অন্তৰ্ভুক্ত আছিল। সাংস্কৃতিক অধিৱেশনৰ মুখ্য আকৰ্ষণ আছিল ১৯৭৯ বৰ্ষৰ আন এজন প্ৰাক্তন ছাত্ৰ প্ৰখ্যাত গায়ক অনিৰ্বাণ দাসৰ সজীৱ গজল আৰু অসমীয়া গীতৰ উপস্থাপন। সাংস্কৃতিক অনুষ্ঠানটো অংশগ্ৰহণকাৰীসকলৰ দ্বাৰা গোৱা জাতীয় সংগীতেৰে সমাপ্ত হৈছিল। উল্লেখযোগ্য যে অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰু অসমৰ ভাগ্য গঢ়া কটন মহাবিদ্যালয়ৰ পিইউ ৭৯-৮২ বেচৰ এইখন প্ৰথম পুনৰ মিলন সভা আছিল । পি.ইউ. ১৯৭৯-৮২ বেচ মিটত বেচমেটসকলৰ নিজৰ মাজত থকা অপৰিসীম বন্ধন প্ৰতিফলিত হৈছিল, আৰু ইয়াৰ লগতে বেটছটোৰ বহুমুখী প্ৰতিভাও প্ৰতিফলিত হৈছিল । ৰবিবাৰৰ পুনৰ মিলন পৰ্বটো সফলতাৰে আয়োজিত হৈছে। সেইদিনা ৪৫ বছৰৰ ব্যৱধানৰ পিছত ইজনে সিজনক লগ পাই বেটচমেটসকল যথেষ্ট উৎফুল্লিত হৈছিল আৰু বেটচমেটসকলে অনাগত সময়ত সমাজ আৰু অসমৰ বিকাশত ইতিবাচক ভাৱে অৱদান আগবঢ়োৱাৰ সংকল্প লৈছিল ।
- পঙ্কজ নাথৰ ৰিপৰ্ট।