উত্তৰ গুৱাহাটীৰ স্বাস্থ্য কেন্দ্ৰৰ উৎসৱৰ মহাআয়োজন । সজাই পৰাই চিকিৎসালয়ক গঢ়ি তোলা হৈছে মন্দিৰ সদৃশ । আজি উত্তৰ গুৱাহাটী বহিঃ স্বাস্থ্য কেন্দ্ৰ আৰু ফুলুং স্বাস্থ্য কেন্দ্ৰত উদযাপিত হৈছে স্বাস্থ্য উৎসৱ ।স্বাস্থ্য বিভাগৰ যুটীয়া আয়ুক্ত ইন্দ্ৰ উচলি দাসে উত্তৰ গুৱাহাটীৰ ফুলুং আৰু মধ্যমখণ্ডৰ দুয়োটা স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি বুজ ল’লে স্বাস্থ্য সেৱাৰ । আয়ুক্ত গৰাকীয়ে স্বাস্থ্য কৰ্মীৰ সতে মত বিনিময় কৰি অভাব অভিযোগৰ খতিয়ান লোৱাৰ উপৰিও চিকিৎসা সেৱাত সন্তোষ প্ৰকাশ কৰে । উল্লেখ্য যে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনেৰে মূল্যায়িত কৰা এই ব্যৱস্থাই স্বাস্থ্য সেৱা অধিক আগবঢ়ায় নিয়াৰ এক প্ৰক্ৰিয়া ।