কামৰূপ জিলাৰ কমলপুৰৰ বাইহাটাত থকা চিগনাচ হাস্পাতালত শেহতীয়াভাবে কেইবাগৰাকী জটিল ৰোগীক অস্ত্ৰোপ্ৰচাৰৰ সহায়ত সুস্থ কৰি তুলিবলৈ সক্ষম হোৱাত হাস্পাতাল খনৰ চিকিৎসক,নাৰ্চ তথা কৰ্মচাৰীয়ে উৎফুল্লিত হৈ পৰা দেখা গৈছে ।
দুদিন পুৰ্বে চিকিৎসালয় খনত ভৰ্তি হৈছিল আত্মহত্যা কৰিবলৈ চেষ্টা কৰি নিজৰ ডিঙি চোকা অস্ত্ৰৰে ৰেপি দিয়া ব্যক্তি এজন ।
সামান্য উশাহ-নিশাহ লৈ কোনোমতে চিগনেচাৰ হাস্পতালত উপস্থিত হোৱা ব্যক্তি গৰাকীক চিকিৎসালয়খনৰ চিকিৎসক নাৰ্চ সকলে যুদ্ধকালীন চেষ্টাৰে সুস্থ কৰি তোলে ।
ঠিক এনেদৰে ওদালগুৰি জিলা কলাই গাওঁৰ মুকুট বড়োৰ পুত্ৰ জয় বড়োৰ মৰাণমৰা মেচিনত দুৰ্ঘটনা সংঘটিত হৈছিল। লগে লগে স্থানীয় চিকিৎসালয়ৰ চিকিৎসকে জি এম চি এইছলৈ প্ৰেৰণ কৰিছিল যদিও পৰিয়ালে বাইহাটাৰ চিগনাচ হাস্পাতালত ভৰ্ত্তি কৰাই ।
লগে লগে চিকিৎসক নাৰ্চে জৰুৰী ভাবে চিকিৎসা কৰাই জয় বড়োক সুস্থ কৰি তোলাত উৎফুল্লিত হৈ পৰে জয় বড়োৰ পিতৃ মাতৃ।