শৈক্ষিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ, ডি আই ই টি (ডায়েট) কামৰূপ মিৰ্জা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাইৰ।
শনিবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত কামৰূপ ডায়েটৰ সভাকক্ষত ভাৰতীয় জ্ঞান পৰম্পৰা সম্পৰ্কে এখনি বিশেষ বক্তৃতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰবিন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাইৰ উপাচাৰ্য ড°মানবেন্দ্ৰ দত্ত চৌধুৰী।
ৰাষ্ট্ৰীয় সংগীত আৰু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতেৰে উক্ত সভাৰ শুভাৰম্ভণি কৰা হয়। বন্তি প্ৰজ্বলন কৰে অধ্যক্ষা ড° পংকজা বৰুৱা আৰু ড° মানবেন্দ্ৰ দত্ত চৌধুৰীয়ে। এই সভাৰ লগত সংগতি ৰাখি ডি আই ই টি কামৰূপ মিৰ্জা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক সহযোগিতাৰ এখনি বুজাবুজিৰ চুক্তি কৰা হয়। চুক্তিখন বিশ্ববিদ্যালয়খনৰ উপ পঞ্জীয়ক ড° শেখৰকান্তি সৰকাৰৰ উপস্থিতিত শৈক্ষিক পঞ্জীয়ক ড° অমৰ গৌতম,ডায়েট কামৰূপৰ অধ্যক্ষা ড°পংকজা বৰুৱাৰ হস্তাক্ষৰত সম্পন্ন কৰা হয়। সমগ্ৰ অনুষ্ঠানটোৰ পৰিচালনা কৰে প্ৰবক্তা তথা IQAC সমন্বয়ক ডঃ শিৰোমণি ভূঞাই। উদ্দেশ্য ব্যাখ্যা কৰে ড° ঝুম্পা দে আৰু সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ডায়েট মিৰ্জাৰ প্ৰবক্তা বিথীকা শইকীয়াই। উক্ত সভাত জেষ্ঠ-কনিষ্ঠ সকলো প্ৰৱক্তা উপস্থিত থকাৰ উপৰিও বি.এড আৰু ডি.এল. এডৰ সকলো ছাত্ৰ ছাত্ৰী উপস্থিত থকাৰ লগতে স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । – পঙ্কজ নাথৰ ৰিপৰ্ট
