ভাৰতৰ ইতিহাসত এক গৌৰৱময় ক্ষণত, উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ কম বয়সীয়া পৰিৱেশ বিজ্ঞানী আৰু যুৱ নেতা ছয়াম মজুমদাৰ এই বছৰৰ প্ৰজাতন্ত্ৰ দিৱস, ২৬ জানুৱাৰী, ২০২৪-ত মাউণ্ট কিলিমাঞ্জাৰোত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি এটা আশ্চৰ্যকৰ কৃতিত্ব সাব্যস্ত কৰিবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৪ৰ প্ৰাপক হিচাপে ছয়াম কোটি কোটি মানুহৰ বাবে প্ৰেৰণাৰ উৎস। ২৩ জানুৱাৰী, ২০২৪-ত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত সাক্ষাৎ কৰিছিল, যি সাক্ষাতে তেওঁক ৰাষ্ট্ৰৰ বাবে এক স্থায়িত্বশীল ভৱিষ্যৎ গঠনত অধিক উৎসাহিত কৰিছে।

ছয়াম মজুমদাৰ এতিয়া ডিচেম্বৰ ২ তাৰিখৰ পৰা মানালীৰ ৩২০০ মিটাৰ উচ্চতাত প্ৰশিক্ষণ লৈ তেওঁক শাৰীৰিক আৰু মানসিকভাৱে এই দুৰূহ অভিযানৰ বাবে প্ৰস্তুত কৰি তুলিছে। ফাষ্ট এক্স লাইভ এক্সট্ৰিম এনার্জি ড্ৰিঙ্ক (অন্নপূর্ণা গোট)ৰ সহযোগত অনুষ্ঠিত এই অভিযানটোৱে মাত্ৰ ব্যক্তিগত কৃতিত্ব নহয়, বৰঞ্চ ভাৰতীয় যুৱ সমাজৰ অদম্য আত্মাৰ এক উদযাপন।

এই অভিযানত ছয়াম মজুমদাৰৰ সৈতে অসমৰ নিবিড় ক্ৰীড়াবিদ চন্দ্ৰ কেশৰ যাদৱও অংশগ্রহণ কৰিব। দুয়োজনে একেলগে আফ্ৰিকাৰ আকাশচুম্বী পৰ্বত কিলিমাঞ্জাৰো জিনাৰ দ্বাৰা দেশক প্ৰেৰণাৰে উজ্জীৱিত কৰাৰ লক্ষ্য ৰাখিছে। ছয়াম মজুমদাৰ মাউণ্ট কিলিমাঞ্জাৰোত উঠা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম আৰু আটাইতকৈ কম বয়সীয়া ব্যক্তি হ’ব, যি দেশৰ বাবে এক গৌৰৱময় ক্ষণ।

এই অভিযানটো ছয়াম মজুমদাৰৰ ‘উন্নত ভাৰত ২০৪৭’ৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূর্ণ, যিয়ে যুৱ সমাজক এখন উন্নত ভৱিষ্যতৰ বাবে সাহসী পদক্ষেপ ল’বলৈ উৎসাহিত কৰে। মাউণ্ট কিলিমাঞ্জাৰোৰ ওপৰত জাতীয় পতাকাৰ উত্তোলনে ছয়াম মজুমদাৰৰ কৃতিত্বৰ লগত ভাৰতেৰ যুৱ শক্তি, স্থৈৰ্য আৰু উচ্চাকাংক্ষা প্ৰতিফলিত কৰিব।

এই ঐতিহাসিক অভিযানত ছয়াম মজুমদাৰ আৰু চন্দ্ৰ কেশৰ যাদৱৰ প্ৰচেষ্টাক সমৰ্থন জনাবলৈ আৰু উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছে।

এই ৰোমাঞ্চকৰ অভিযানৰ বাবে সজাগ হৈ থাকক!

মাধ্যমৰ বাবে যোগাযোগ কৰক: ৬০০৩৭১৬৪৩৬

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!