যোৱা শনিবাৰে ঘৰৰ পৰা সমনীয়াৰ সৈতে ওলাই যোৱা এটি ছয় বছৰীয়া শিশু স্বামীমৰ মৃতদেহ আজি উদ্ধাৰ হয়।

পৰিয়ালৰ লোকৰ সন্দেহ এয়া এক সৰুযন্ত্ৰ…
ষড়যন্ত্ৰৰ বলি হৈ শিশুটিৰ এনে কৰুণ মৃত্যু হৈছে।

শিশুটিৰ পিতৃ মাতৃ কৰ্মসূত্ৰে মুম্বাইত থাকে ।

কিছুদিন পূৰ্বে শিশুটি সহ পিতৃ-মাতৃ মৈৰাবাৰীৰ নজিৰ নগৰত অৱস্থিত নিজ গৃহলৈ অহাৰ পিছত যোৱা শনিবাৰে পোৱা ৯ বজাৰ পৰাই শিশুটি নিৰুদ্দেশ হৈছিল।

আজি ছয় বছৰীয়া শিশু স্বামীমৰ মৃতদেহ অঞ্চলটোৰে এটি ইটা ভাটাত ব্যবৰ্হিত পৰিত্যক্ত পুখুৰীত উদ্ধাৰ কৰে স্থানীয় লোকে।

ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!