নেতাজী, ভৱিষ্যত প্ৰজন্মৰ বাবে এক নিৰন্তৰ প্ৰেৰণা
আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮তম জন্ম জয়ন্তী।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮তম জন্ম বাৰ্ষিকী উপলক্ষে, ‘পৰক্ৰাম দিৱস’ত ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতৰ অতুলনীয় অৱদানৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁৰ প্ৰবল দেশপ্ৰেমবোধে আজিৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰে। এই দিনটো কেৱল তেওঁৰ ত্যাগক স্মৰণ কৰাৰে দিন নহয়, তেওঁৰ সাহস, ন্যায়, শক্তিশালী নেতৃত্বৰ অটল নীতি অনুসৰণ কৰি এখন সমৃদ্ধিশালী আৰু স্বাৱলম্বী জাতি গঢ়াৰ বাৰ্তাও প্ৰেৰণ কৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত নেতাজীৰ অৱদানক প্রতিষ্ঠানিক পর্যায়ত এনেদৰে সম্বর্ধনা জনোৱা হৈছে যিটো আগতে কেতিয়াও হোৱা নাছিল৷ ২০২১ চনত চৰকাৰে ২৩ জানুৱাৰীক ‘পাৰাক্ৰাম দিৱস’ হিচাপে পালন কৰিছিল। সেইদিনা নেতাজীৰ উত্তৰাধিকাৰ উদযাপনৰ বাবে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।

আনহাতে ইণ্ডিয়া গেটত নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰাটো তেওঁৰ আদৰ্শৰ প্ৰতি আন্তৰিক সন্মানৰ প্ৰতিফলন। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক ভাৰতীয় পৰিচয় আৰু সংস্কৃতিৰ পুনৰুজ্জীৱন বুলি ব্যাখ্যা কৰিছে। নেতাজীৰ সৈতে জড়িত ৩০৪টা ফাইল মুকলি কৰাটোও এক ঐতিহাসিক পদক্ষেপ।

ইয়াৰ ফলত তেওঁৰ জীৱন আৰু কাৰ্যকলাপৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ বিষয়ে দশক দশক ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰিছে। মণিপুৰৰ মৰিয়াঙত থকা আই এন এ স্মৃতিসৌধ সংস্কাৰ কৰা হৈছে। সমগ্ৰ বিশ্বতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাজীৰ জীৱন স্বাধীনতাৰ বাবে উৎসৰ্গিত। আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাসেৰে ভৰা ভাৰতৰ সপোন দেখিছিল।

নেতাজীৰ স্বাধীন ভাৰতৰ দৃষ্টিভংগী কেৱল সপোন নাছিল, বৰঞ্চ অদম্য কাৰ্য্যৰ আদৰ্শক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। ১৯৪১ চনত গৃহবন্দীত্বৰ পৰা পলায়ন কৰাৰ পিছত ভাৰতক মুক্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ আহ্বান জনায়। এয়া কেৱল কৌশলৰ কথাই নহয়, আত্মবিশ্বাস আৰু দৃঢ়তাৰ বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!