অৱনী বৰুৱাৰ – অন্য এক পৃষ্ঠাৰ পৰা সংগ্ৰহ
‘শিক্ষা’ হ’ল একপ্ৰকাৰৰ জ্যোতি। এই জ্যোতি সমাজৰ কেউফালে বিলাই দিবলৈ লাগে একোটা মাধ্যম। যদিও গ্ৰন্থৰ মাজতে থাকে এই জ্যোতিৰ প্ৰধান উৎস বা কেন্দ্ৰস্থল, তথাপি পাঠ্যক্রমভিত্তিক শিক্ষাৰ প্ৰসাৰত প্ৰয়োজন হয় এজন শুদ্ধ জ্ঞান আৰু বিবেকসম্পন্ন মানুহৰ। যিজন মানুহে মানৱ সম্পদ তৈয়াৰ কৰে দেশৰ বাবে ।

শিক্ষক, যাৰ অন্য নাম ‘গুরু’। অতীজতে গুৰুক ভগৱানৰ শাৰীত ৰাখিছিল মানুহে। লাহে লাহে মাথোঁ শ্ৰদ্ধাৰ ব্যক্তি হ’ল । আৰু আজিৰ তাৰিখত শিক্ষক এজন প্ৰফেচনেল ব্যক্তি হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিত। শিক্ষকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ শ্ৰদ্ধা আৰু সেৱা ভাৱটো হেৰাই গৈছে যদিও তাৰেই মাজত দুই এজন নমস্য শিক্ষক নথকা নহয়। আছে। থাকিবই। কাৰণ বেয়াৰ মাজতো ভাল থাকে। আনহাতে এচাম শিক্ষকেও ছাত্ৰ-ছাত্ৰীৰ লগত মাথোঁ শ্ৰেণী কোঠাতহে সম্পৰ্ক ৰক্ষা কৰি আছে। বহুতে শিক্ষকতাক নিজৰ পেছা হিচাপে লৈ নিজৰ কৰণীয়াখিনিহে কৰে আৰু তাৰ বাদে বিশেষ কৰিবলগীয়া অন্য কিবা আছে বুলি নাভাবে।
বিশেষকৈ গাঁও অঞ্চলত এচাম শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলি থকাৰ কথা নুই কৰিব নোৱাৰি। প্ৰাইমাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাতেই এগৰাকী ছাত্র বা ছাত্ৰীৰ ‘শিক্ষা’ জীৱনৰ আৰম্ভণি হয়। সেইখিনি সময়ৰ শিক্ষাৰ পোহৰতেই ছাত্ৰ-ছাত্ৰীগৰাকীয়ে ভৱিষ্যতৰ পিনে আগুৱাই যায়। ফলত প্ৰাইমাৰী বিদ্যালয়ৰ শিক্ষকৰ দ্বায়িত্ব আৰু কৰ্তব্যই অধিক প্ৰয়োজন হৈ পৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি । কিন্তু তেনে এক গধুৰ দ্বায়িত্ব থকাৰ পাছতো আজি অসমৰ বহুসংখ্যক গাঁৱত প্রাইমেৰী বিদ্যালয়ৰ এচাম শিক্ষকৰ আচৰণ সঁচাই চিন্তনীয় ।

নিজে লাভ কৰা কিছু অভিজ্ঞতাৰে ক’বলৈ গ’লে— আজিও কিছুমান গাঁৱত এনে এচাম শিক্ষক আছে যি বিদ্যালয়লৈ মদ্যপান কৰি যায়। ৰাজহুৱা ঠাইহে নালাগে বিদ্যালয়ৰ চৌহদতো ব্যৱহাৰ কৰে অশ্লীল বাক্যবাণ । এচাম শিক্ষক বা শিক্ষয়িত্ৰীৰ ‘বহু পুৰুষেৰে বা নাৰীৰে থাকে অবৈধ সম্পর্ক। যিটো অকথ্য যদিও সত্য, ৰাস্তাই ঘাটে বা হোটেলত বহি ছাত্ৰ-ছাত্ৰীয়ে দেখাকৈ য’তে-ত’তে মদ্যপান কৰি বাটত পৰি থকা শিক্ষকৰ সংখ্যাও কম নহ’ব অসমত। বয়স্ক শিক্ষকৰ ছাত্ৰীৰ প্ৰতি অসামাজিক আচৰণ বা ইংগিত ইত্যাদি ঘটনাবোৰ দিনে দিনে বাঢ়িব ধৰিছে। ফলত কমি আহিছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত থকা সম্বন্ধত আত্মীয়তা। এইখিনিতে এটা প্রশ্ন হয়— শিক্ষকেই যদি অমানুহ হয় তেন্তে কোনে গঢ়িব মানৱ সম্পদ ?’ প্ৰকৃতাৰ্থত নগৰ-চহৰবোৰতকৈ গাঁও অঞ্চলৰ চৰকাৰী বিদ্যালয়ৰবোৰত এনে শিক্ষকৰ সংখ্যা সৰহ ।
আছে, আজিও কিছু শিক্ষক আছে যি শ্ৰদ্ধা কৰে নিজৰ বৃত্তিক। নিজৰ পৰিয়ালৰ কথাতকৈ ছাত্ৰ-ছাত্ৰীৰ কথা বেছি ভাবে। নিজ সামৰ্থৰে যেতিয়াই প্রয়োজন হয় তেতিয়াই, ছাত্ৰ-ছাত্ৰীক সহায় কৰে, উৎসাহ যোগায়, প্ৰেৰণা দিয়ে আগুৱাই যোৱাত । শিক্ষকে ছাত্ৰৰ পঢ়া-শুনাৰ খৰচ বহন কৰা দৃষ্টান্তও বহুত আছে আমাৰ সমাজত ।
যদিও এচাম অল্পজ্ঞানী ভণ্ড মানুহ শিক্ষকতাৰ দৰে পবিত্ৰ কৰ্মৰে জড়িত হৈ সমাজত চিন্তাৰ উদ্ৰেক জন্মাইছে, তথাপি সঁচা অৰ্থত শিক্ষকে অর্থাৎ গুৰুৱে আমাৰ সমাজত প্ৰতিজন মানুহৰ দৃষ্টিত এক অনন্য আসন গ্রহণ কৰি আছে অতীজৰে
পৰা।
আমাৰ বিশ্বাস, নিলাজবোৰেও এদিন লাজ কৰিবলৈ শিকিব আৰু অল্পজ্ঞানীবোৰে জ্ঞান বিচাৰিব। মদপী শিক্ষকবোৰে মন আৰু দৰমহাৰ কথা নাভাৱি সেইবোৰৰ চিন্তা আঁতৰত ৰাখি শুদ্ধ সত্য জ্ঞানেৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ আলোকিত কৰিব। আৰু তেওঁলোকে সোনকালেই বুজি উঠিব — শিক্ষকে মানৱ সম্পদ গঢ়েহে অৱক্ষয় নঘটাই।’
সম্প্রতি অন্যান্য বহু ঘটনাইও শিক্ষকৰ প্ৰতি জনসাধাৰণৰ মনোভাৱ আৰু দৃষ্টিভংগী সলনি কৰিছে। শিক্ষকসকল ৰাজনৈতিক নেতাৰ পিছত দৌৰা, শিক্ষকে ছাত্ৰীৰ লগত নীলা ছবি কৰা, শিক্ষয়িত্ৰীয়ে ছাত্ৰক প্ৰেমৰ প্ৰস্তাৱ দিয়া আদি কৰ্ম কাণ্ডইও শিক্ষকৰ প্ৰতি ভাবভঙ্গী সলনি কৰিছে মানুহৰ ।
গুকরে হেনো প্রতিজন ছাত্রক সমান দৃষ্টিৰে চাব লাগে। বর্ণ সংকীর্ণতা থাকিব নালাগে তেওঁৰ দৃষ্টিত। কিন্তু আজিৰ শিক্ষক বা শিক্ষয়িত্ৰীৰেই নাই সেই উদাৰ মনোভাৱ। কাকা ধনী আৰু প্ৰতিপত্তিশীল সম্ভ্রান্ত ঘৰৰ ল’ৰা-ছোৱালীৰ প্ৰতি আজি বহুসংখ্যক শিক্ষকৰেই হেপাহটো বেছি। শ্ৰেণীকোঠাত প্ৰথম হোৱা ল’ৰাটোক যিমান গুৰুত্ব দিয়া হয় তাতোকৈ মধ্যমীয়া নতুবা শেষৰ কেইজনক গুৰুত্ব দিয়া নহয় বৰকৈ। তাৰ প্ৰমাণো বহুত আছে।
শেষত, এটা বছৰে আমাৰ মাজৰ পৰা মেলানি মাগিলে। বছৰটোৱে আমাক কি দিলে সেইটো ডাঙৰ কথা নহয় যি দিলে সেয়া নিশ্চয়কৈ বহুত দিলে, যাৰ বাবে আহি আহি আজি এইখিনি পাইছোহি আমি ।
সন্মুখত এটি নতুন বর্ষ, যাক আদৰিবলৈ আমি প্ৰত্যেকেই প্রস্তুতি চলাবৰ হ’ল। কিন্তু এই প্ৰস্তুতিৰ আগেয়ে সকলোৱে এটা প্ৰতিশ্ৰুতি লোৱাৰ প্ৰয়োজন যে— ‘অনাগত বৰ্ষটিত আমি মানুহ হোৱাৰ গৌৰৱ আজিবলৈকে অন্তত পাহৰি থাকিবলৈ শিকিম অমানুহৰ ইতিহাস।’ (2009,ডিচেম্বৰ)