দীঘলীয়া সময় কৰ্মস্থলীৰ অন্তত ঘৰলৈ আহি দুৱাৰৰ সন্মুখত আপোনাৰ প্ৰিয় পোহনীয়া জন্তুটোৱে ঠেং জোকাৰি থকা দেখিলে আপোনাৰ মনটো নিশ্চয় ভাল লাগে। কিন্তু ঘৰত পোহনীয়া জন্তু থকা থকা মানে দায়িত্বয়ো কেইবাগুণো বঢ়াটো নিশ্চিত । জানেনে, বিশেষকৈ মেকুৰীৰ কথা আহিলে কেইটামান কথা মনত ৰাখিব লাগে।

১) মেকুৰীৰ খাদ্যৰ বাটিটো নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে। বাটিটোত সদায় পানী ৰাখিব লাগে। মেকুৰীয়ে নিজৰ ভাল লগা বস্তুহে খায়। আপুনি দেখিব যে সি প্ৰিয় খাদ্যহে বাৰে বাৰে খাবলৈ মন কৰে। কিন্তু পানী নিয়মিতভাৱে খুৱাব লাগে।

২) বহুতে মেকুৰীক গৰুৰ গাখীৰ খুৱায়। কিন্তু জানেনে, এই গাখীৰে মেকুৰীটোৰ ক্ষতি কৰিব পাৰে? এনে গাখীৰ বেছি দিন খালে মেকুৰীৰ পেটৰ সমস্যা হয়। গতিকে মেকুৰীক লেক্ট’জবিহীন গাখীৰ দিব লাগে।


৩) বহুতে ৰাস্তাৰ পৰা মেকুৰীৰ পোৱালি তুলি ঘৰলৈ আনে। প্ৰথমে ভিজা কাপোৰেৰে তাক পৰিষ্কাৰ কৰক। লগে লগে পশু চিকিৎসকৰ ওচৰলৈও লৈ যাব লাগে। তেওঁৰ পৰামৰ্শ মতে কৃমিৰ ঔষধ দিব লাগে।

৪) পোৱালিটোৰ বয়স ডেৰ-দুমাহ হ’লে পুনৰ কৃমিৰ ঔষধ দিব লাগে। মেকুৰীৰ বাবে কিছুমান বিশেষ টিকাও সময়ে সময়ে দিব লাগে।

৫) পশু চিকিৎসকৰ পৰা মেকুৰীটোৱে কি খাব সেই কথা জানিলে ভাল। পোৱালিৰ হ’লে সিজোৱা চাউল আৰু মাছ খুৱাব পাৰে। কিন্তু মাছৰ কাঁইট আঁতৰাই দিয়ক। এতিয়া বজাৰত বিভিন্ন ধৰণৰ পেকেটত ভৰোৱা খাদ্য উপলব্ধ। পশু চিকিৎসকৰ পৰামৰ্শ লৈও দিব পাৰে।

৬) মেকুৰীয়ে বিষ্ঠা বালিত পুতি থয়। যদি আপুনি ফ্লেটত থাকে তেন্তে পোহনীয়া জন্তুটোৰ বাবে আৱৰ্জনা বাকচ বা বালিৰ বিচনা কিনিব পাৰে। কোনো পাত্ৰত বালি থলে মেকুৰী উপকৃত হ’ব। এনে পাত্ৰ যিকোনো পোহনীয়া জন্তুৰ দোকানত পোৱা যায়। ঘৰতে আৱৰ্জনা বাকচো ৰাখিব পাৰে। প্ৰতিদিনে ইয়াক চাফা কৰিব লাগে।

৭) পোহনীয়া জন্তুটোৱে শুবলৈ সুকীয়া বিচনা বনাওক। নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰাখিব লাগে।

৮) পোহনীয়া জন্তু ওচৰত থাকিলে কেতিয়াও শক্তিশালী গোন্ধযুক্ত বডি স্প্ৰে ব্যৱহাৰ নকৰিব। ই তেওঁলোকক ক্ষতি কৰে।

৯) পোহনীয়া জন্তুটো দুৰ্বল হৈ আহিছে নেকি চাই তাৰ প্ৰতি সাৱধান হওক। তাৰ বাবে পশু চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰিব লাগিব।

১০) নতুন ঠাইত মেকুৰীয়ে সেই পৰিবেশৰ লগত খাপ খুৱাবলৈ অলপ অসুবিধা পায়। সদায় তাৰ লগত খেল খেলিবলৈ চেষ্টা কৰক। আপুনি দেখিব যে লাহে লাহে মিলি পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!