১৮ বছৰ সম্পূৰ্ণ হোৱাৰ অৰ্থ হ’ল আপুনি এজন প্ৰাপ্তবয়স্ক। মদ্যপানৰ ক্ষেত্ৰতো বয়সৰ এই সীমা আছে। ১৮ বছৰ বয়সৰ আগতে অৰ্থাৎ কিশোৰ এজনে মদ খোৱাটো আইনীভাৱে নিষিদ্ধ।

অৱশ্যে প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই বহু লোকেই গোপনে মদ্যপান কৰে। আনহাতে বহুতৰ ক্ষেত্ৰত মদ্যপান কৰাৰ পিছত বমি হয়। কিন্তু কিয় তেনেকুৱা হয় জানেনে?

মদৰ পৰিমানকলৈ সকলোৰে শৰীৰৰ প্ৰতিক্ৰিয়া বেলেগ বেলেগ। নিৰ্দিষ্ট সীমাৰ পিছত মদ্যপান কৰিলে বহুতৰে বমি হয়।

সাধাৰণতে অত্যাধিক মদ্যপান কৰাৰ পিছত মূৰ ঘূৰোৱা বা মূৰৰ বিষ হোৱা বহুতৰ ক্ষেত্ৰত দেখা যায়। কিন্তু কোনোবাই বেছিকৈ মদ খালে লিভাৰ বা পেটত চাপ পৰে। ফলত বমি হয়।

আচলতে আমাৰ যকৃতে এচিটালডিহাইডটো এটা নিৰ্দিষ্ট পৰিমাণেহে গ্ৰহণ কৰি প্ৰক্ৰিয়াকৰণ কৰিব পাৰে।

নিৰ্দিষ্ট পৰিমাণতকৈ অধিক মদ খালে লিভাৰে শোষণ কৰিব নোৱাৰে। তাৰ পিছতে বমি হয়।

কিয়নো বমিৰ জৰিয়তে শৰীৰৰ পৰা এচিটালডিহাইড উলিয়াই পেলোৱা হয়। কিন্তু যিহেতু শৰীৰৰ পানীৰ পৰিমানো কমি যায়, সেয়েহে বমি কৰাৰ পিছত অধিক পানী প্ৰয়োজন হয় শৰীৰক।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!