কিমান বয়সৰ মহিলাই কেনেকুৱা যুৱকক টাৰ্গেট কৰে
সম্প্ৰতি ৰাজ্যত পৰকীয়া প্ৰেমৰ জোৱাৰ উঠিছে। যেন এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে এই প্ৰেমে। কাৰোবাৰ মাক পলাই গৈছে কেতিয়াবা, কাৰোবাৰ পত্নী। বয়সৰ কোনো কথা নাই এই প্ৰেমৰ বৃত্তৰ মাজত। কিন্তু তাৰ মাজতেই পোহৰলৈ আহিছে অন্য কিছুমান তথ্য।
বয়স আৰু আকৰ্ষণৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি এচাম গৱেষকে কৰা অধ্যয়ন অনুসৰি, বহু মহিলাই ৪০বছৰ হ’লেই পৰকীয়া সম্পৰ্কত জড়িত হোৱাৰ বাবে কম বয়সীয়া পুৰুষক প্ৰথম পছন্দ কৰে। জীৱনৰ এই মধ্য বয়সত, মহিলাসকলে এনে এজন ব্যক্তি বিচাৰে যি তেওঁলোকক অভিজ্ঞতাৰে নহয়, নিজৰ উত্তেজনা আৰু উন্মাদনাৰে সমৃদ্ধ কৰিব পাৰে। তদুপৰি শেহতীয়া জৰীপত আন কেইবাটাও কাৰণ পোহৰলৈ আহিছে।
আকৰ্ষণীয় শৰীৰৰ
যুৱকৰ পেশীবহুলতা, শক্তিশালী ব্যক্তিত্বই বয়সত ডাঙৰ বহু মহিলাসকলক অধিক আকৰ্ষিত কৰে। শাৰীৰিক ঘনিষ্ঠতাৰ ক্ষেত্ৰত কম বয়সীয়া যুৱক হৈছে পৰে বয়স্ক বহু মহিলাৰ প্ৰথম পছন্দ।
এই সন্দৰ্ভত অন্যতম এক কাৰণ হ’ল যেতিয়া অসম বয়সৰ দুজন ব্যক্তিয়ে যেতিয়া গোপন অভিসাৰ মিলিত হয় তেতিয়া এজন অভিজ্ঞ সঙ্গীৰ সন্মুখত নিজকে স্বাভাৱিকভাৱে প্ৰমাণ কৰাৰ এক স্পষ্ট প্ৰয়াস কৰে।
ডাঙৰ আৰু অধিক অভিজ্ঞ হোৱাৰ ফলস্বৰূপে, সৰু সঙ্গীক সম্পৰ্কৰ উত্তেজনা, সম্পৰ্কৰ উত্থান-পতনৰ বিষয়ে শিকাব পাৰে বাবেই একাংশ মহিলাই নিজতকৈ বয়সত সৰু ল’ৰাৰে সম্পৰ্কত লিপ্ত হৈ অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি কৰে সমাজত।
নিজতকৈ কম বয়সৰ পুৰুষৰ সৈতে ৰঙা সম্পৰ্কই মহিলাসকলক অধিক আত্মবিশ্বাসী কৰি তোলে। সেয়া প্ৰয়োজনত প্ৰেমৰ সম্পৰ্কই হওঁক বা শাৰীৰিকেই হওঁক। এনে প্ৰকৃতিৰ মহিলাই আন এজন ব্যক্তিক তেওঁলোকৰ নিজৰ সঞ্চিত অভিজ্ঞতাৰে সমৃদ্ধ কৰি সন্তুষ্টি লাভ কৰে ।