জলমগ্ন গহপুৰ নগৰৰ লগতে মহকুমাটোৰ বিস্তীৰ্ণ এলেকা

কালভাৰ্ট বহি যোগাযোগ বিচ্ছিন্ন গহপুৰ নগৰত যাতায়াত বিঘ্নিত

যোৱা নিশাৰ পৰা দিয়া নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰত বাৰিষাৰ প্ৰথমজাক বাঢ়নি পানীয়ে আজি বিস্তৰ ক্ষতি সাধন কৰে। বিশেষকৈ মহকুমাটোৰ মাজেৰে বৈ যোৱা চেঁচা, চেংমৰা, মৰনৈ, ডুবিয়া, ককিলা, খাৰণীজান, কুকুৰজান, চত্ৰং, ব্ৰহ্মাজানকে ধৰি কেইবাখনো পাহাৰীয়া খৰস্ৰোতা নৈয়ে গহপুৰৰ একুৰিৰো অধিক গাঁৱৰ জনজীৱন বিঘ্নিত কৰি তুলিছে। বিশেষকৈ গহপুৰ নগৰৰ একমাত্ৰ গড়কাপ্তানী উপ-পথ হলনা গাঁও, মধ্যচত্ৰং আৰু ধেনুধৰা গাঁৱৰ সংযোগী পথ আজি সম্পূৰ্ণ জলামগ্ন হৈ পৰিছে। যাৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। উল্লেখ্য যে, কালি নিশাৰে পৰা দিয়া নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা কালিকালগা নৈ হিচাপে খ্যাত পাহাৰীয়া খৰস্ৰোতা চত্ৰং নৈ ফেনে-ফুটুকাৰে বাঢ়ি আহি নৈখনৰ দক্ষিণ প্ৰান্তৰ ধেনুধৰা-মধ্যচত্ৰং সংযোগী পথৰ মধ্যচত্ৰঙৰ পকী কালভাৰ্টত খুন্দা মৰাত কালভাৰ্টটোৰ দুয়োটা মূৰৰ মাটি পানীৰ প্ৰৱাল সোঁতে খহাই নিয়াৰ লগতে পথটোৰ অধিকাংশ ভাঙি পেলোৱাৰ লগতে কালভাৰ্টো তললৈ বহি যায়। যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা বিঘ্নিত হৈ পৰাৰ লগতে গহপুৰৰ নগৰৰ এক আৰু সাত নং ৱাৰ্ডৰ বহু পৰিয়ালৰ ঘৰ-বাৰী বাঢ়নি পানীৰ কবলত এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে নগৰখনৰ অতি ব্যস্ত ষ্টেচন পথ প্লাৱিতহৈ পৰিছে।

ফলত শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ ৰোগীসকল অহা-যোৱাত নানান অসুবিধাৰ সন্মূখীন হৈছে। অন্যহাতে ব্ৰহ্মাজান নৈৰ বাঢ়নী পানীয়ে কেইবাঠাইটো মাথাউৰি চিঙি বিস্তীৰ্ণ এলেকা প্লাৱিত কৰাৰ লগতে কৃষক ৰাইজৰ কেইবা হেক্টৰ নকৈ গজি উঠা কঠিয়াতলি বাঢ়নি পানীৰ কবলত পৰিছে। উল্লেখ্য যে, গহপুৰ নগৰৰ চত্ৰং নৈপৰীয়া ভুক্তভোগী স্থানীয় ৰাইজে অভিযোগ তোলা অনুসৰি গহপুৰ মহকুমা জলসম্পদ বিভাগে নৈখনৰ দুয়োপাৰে নতুনকৈ নিৰ্মাণ কৰা গাৰ্ড ৱাল দুখন পথটোত থকা পকী কালভাৰ্টৰ লগত সংযোগ কৰি নিদিয়াৰ ফলশ্ৰুতিতে হৈছে বুলি উল্লেখ কৰিছে।

বাৰিষাৰ আৰম্ভণিতে মহকুমা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত বান পৰিস্থিতিৰ আৰু অৱনতি ঘটিব বুলি স্থানীয় ৰাইজে শংকা প্ৰকাশ কৰিছে। ইপিনে আজি বিয়লি গহপুম মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাৰ লগতে বিশ্বনাথ জিলা উপায়ুক্ত ড০ নেহা যাদৱৰ লগতে গহপুৰ মহকুমাৰ প্ৰশাসনৰ বিষয়াসকলে বানাক্ৰান্ত পৰিদৰ্শন কৰি বান পৰিস্থতিৰ বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!