শৰীৰত হাইড্ৰেটেড কৰি ৰাখিবলৈ অধিক পানী খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। বিশেষকৈ এই গৰমত শৰীৰক ঠাণ্ডা কৰি ৰাখিবলৈ, আৰু শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ পানীৰ প্ৰয়োজনীয়তা সৰ্বাধিক । কিন্তু খোৱাপানীয়েও বিপদ বৃদ্ধি কৰিব পাৰে?
এক অধ্যয়নৰ মতে খাদ্য খোৱাৰ ঠিক পিছতেই পানী খালে বদহজম বৃদ্ধি পাব পাৰে। কেনেকৈ?

মূলতঃ চিকিৎসক আৰু পুষ্টিবিদসকলে গোটেই দিনটোত ৭-৮ গিলাচ পানী খোৱাৰ পৰামৰ্শ দিয়ে। আহাৰ খোৱাৰ লগে লগে পানীৰ চুমুক দিলে পেটৰ প্ৰয়োজনীয় এচিড আৰু এনজাইমবোৰ দ্ৰৱীভূত আৰু পাতল হোৱাত সহায় কৰে। ফলত হজম প্ৰক্ৰিয়াটো লেহেমীয়া হয়। খোৱাৰ পিছত এগিলাচ পানীও নোখোৱাই ভাল। প্ৰয়োজন হ’লে ডিঙিটো অলপ তিয়াই দিব পাৰে। আহাৰ খোৱাৰ পিছত পানী খোৱাৰ ফলত হজম শক্তি অসুবিধা হোৱাই নহয়, গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানসমূহ ফলপ্ৰসূভাৱে শোষণ নহয়। গতিকে খাদ্য খোৱাৰ অন্তত ১০-১৫ মিনিট পিছত পানী খাব লাগে। ই হজম শক্তি উন্নত কৰে। প্ৰয়োজন হ’লে খাদ্য খোৱাৰ ১০ মিনিট আগতে পানী খাব পাৰে। শেহতীয়া কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে খাদ্য খোৱাৰ লগে লগে পানী খালে তেজত চেনিৰ পৰিমাণ হঠাতে বৃদ্ধি পাব পাৰে।
শৰীৰৰ প্ৰয়োজন অনুযায়ী পানী সেৱন কৰিব লাগে। প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব। পানীৰ লগতে বতৰৰ ফল-মূল খাদ্যত ৰাখিব লাগে যাতে শৰীৰটো জলসিঞ্চিত হৈ থাকে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!