🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১২ ভাদ, বৃহস্পতি বাৰ, ইং ২৯ আগষ্ট ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৪/২৩
সূৰ্য্যাস্ত ঘ :- ৫/৪৩/৫৯
ৰাশি : – মিথুন ৰাশি।
তিথি :- কৃষ্ণা একাদশী । ৰা:ঘ:- ৩/৩৯/৯ যোৱাত কৃষ্ণা দ্বাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- আৰ্দ্ৰা ,ৰা:ঘ:- ৭/৫০/৪০ লৈ।
শুভ সংখ্যা :- ৯/৩
শুভ ৰং :- হালধীয়া / ৰঙা ।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- নাই। ৰা:ঘ:- ৭/৫০/৪০ যোৱাত দ্বিপদ, ৰা:ঘ:- ৩/৩৯/৯ যোৱাত ত্ৰিপদ।
যাত্ৰা :- অগ্নি কোনত নাই। ৰা:ঘ:- ৩/৩৯/৯ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত। ৰা:ঘ:- ৩/৩৯/৯ যোৱাত নৈঋত কোনত।
ভক্ষাভক্ষ্য :- উৰহী খোৱা নিষেধ। ৰা:ঘ:- ৩/৩৯/৯ যোৱাত পূৰৈ শাক খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক দিশটো দুৰ্বল হব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, সৌভাগ্যৰ উদয় হব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, সামাজিক কৰ্মত সন্মান বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপুনি কৰ্মত লগ বন্ধুৰ পৰা সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাবে মনত সামান্য চিন্তা বাঢ়িব পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে, যদিও আজি উকীল সকলৰ কৰ্মত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত ৰোগ নাশ হব, স্বাস্থ্যৰ উন্নতি হ’ব, সমাজ কৰ্মী সকলে ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা ভংগ হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব, কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ধন সম্পত্তি লাভ কৰিব, ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ প্ৰিয় প্ৰাত্ৰ হ’বলৈ সক্ষম হব লগতে আজি বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!