🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৮ ভাদ, শনিবাৰ, ইং ১৪ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১১/৩৫
সূৰ্য্যাস্ত ঘ :- ৫/২৬/৫০
ৰাশি : – মকৰ ৰাশি।
তিথি :- শুক্লা একাদশী তিথি । আ:ঘ:- ৪/২৭/৪১ যোৱাত শুক্লা দ্বাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- উত্তৰাষাঢ়া । আ:ঘ:- ৫/৩৪/২৪ লৈ।
শুভ সংখ্যা :- ৪/৮
শুভ ৰং :- নীলা / বেঙুনীয়া ।
আদ্যঋতু :- সুভগা যোগ।
মৰণৰ দোষ :- ত্ৰিপদ। আ:ঘ:- ৪/২৭/৪১ যোৱাত পূৰ্ণ দোষ, স:ঘ:- ৫/৩৪/২৪ যোৱাত দ্বিপদ।
যাত্ৰা :- অগ্নি কোনত নাই। আ:ঘ:- ৪/২৭/৪১ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত । আ:ঘ:- ৪/২৭/৪১ যোৱাত নৈঋত কোনত ।
ভক্ষাভক্ষ্য :- উৰহী খোৱা নিষেধ। আ:ঘ:- ৪/২৭/৪১ যোৱাত পূৰৈ খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত প্ৰতিষ্ঠা লাভ কৰিলৈ সক্ষম হব, লগতে আজি আপোনাৰ সম্পত্তি বাঢ়িব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ব্যস্ততা বাঢ়িব, মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক ক্ষতি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুখ শান্তি বাঢ়িব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সকলো কৰ্মতে সাৱধান হৈ আগুৱাই যাবলৈ চেষ্টা কৰিব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা ভংগ হ’ব পাৰে, আৰ্থিক দিশত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি খেতিয়ক সকলে সামান্য মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, সম্পত্তি বাঢ়িব, লগতে আজি আপুনি সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, পাৰিবাৰিক দিশত শুভ বুলি কব পাৰি, যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান লাভ কৰিব, মনত ভক্তি ভাৱ বাঢ়িব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!