🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৩ ভাদ, শুক্ৰবাৰ, ইং ৩০ আগষ্ট ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৪/৫০
সূৰ্য্যাস্ত ঘ :- ৫/৪২/৫৫
ৰাশি : – মিথুন ৰাশি। ঘ:- ২/১১/৫০ যোৱাত কৰ্কট ৰাশি।
তিথি :- কৃষ্ণা দ্বাদশী । ৰা:ঘ:- ৩/৩৫/৫০ যোৱাত কৃষ্ণা এয়োদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পুনৰ্ব্বসু ,ৰা:ঘ:- ৮/১৮/৪৪ লৈ।
শুভ সংখ্যা :- ১/৬
শুভ ৰং :- চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- ত্ৰিপদ। ৰা:ঘ:- ৮/১৮/৪৪ যোৱাত এপদ, ৰা:ঘ:- ৩/৫০/৩৫ যোৱাত নাই ।
যাত্ৰা :- নৈঋ কোনত নাই। ৰা:ঘ:- ৩/৩৫/৫০ যোৱাত দক্ষিণ নাই।
যোগিনী :- নৈঋ কোনত। ৰা:ঘ:- ৩/৩৫/৫০ যোৱাত দক্ষিণ ।
ভক্ষাভক্ষ্য :- পূৰৈ শাক খোৱা নিষেধ। ৰা:ঘ:- ৩/৩৫/৫০ যোৱাত বেঙেনা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ ভাল লগ বন্ধুৰ সান্নিধ্য লাভ কৰাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব,ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘুৰাই পাৱ পাৰে, লগতে আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো হ’ব, হাতলৈ ধন- ধান আহিব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ ঘৰত বিবাহৰ আলোচনা হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম আশীৰ্বাদ লাভ কৰিব, সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব লগতে আজি আপুনি সজাগ নহ’লে সৰু-সুৰা কথাতে মনত সামান্য খংঙ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন সামান্য হ্ৰাস হ’ব পাৰে, সকলো কৰ্মতে সজাগ হোৱাটো ভাল হ’ব, সকলো কৰ্মতে চিন্তা চৰ্চা কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব। যদিও আজি দিনটো খেলুৱৈ সকলৰ বাবে শুভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, যদিও আজি আপুনি কৰ্মত সজাগ নহ’লে সামান্য বিভ্ৰাটিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপুনি আনৰ পৰা মৰম- চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যান বাহনৰ পৰা মনত সুখ শান্তি লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপুনি কৰ্মত সকলোকে বিশ্বাসত লৈ আগবাঢ়িবলৈ চেষ্টা কৰিব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ হ’ব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব, মনত নিৰাশাৰ ভাৱ বাঢ়িব পাৰে, লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক দিশটো মধ্যম হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হ’ব , কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, দেহ মন মধ্যম হ’ব যদিও আজি আপুনি আনে সমালোচনা কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!