🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৬ আহিন, সোমবাৰ, ইং ২৩ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৫/৩৮
সূৰ্য্যাস্ত ঘ :- ৫/১৭/৯
ৰাশি : – বৃষ ৰাশি।
তিথি :- কৃষ্ণা ষষ্ঠী তিথি ।ৰা:ঘ:- ৮/৪৯/৫৬ যোৱাত কৃষ্ণা সপ্তমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- ৰোহিনী। শে:ঘ:- ৪/২২/৩৭ লৈ।
শুভ সংখ্যা :- ৪/২
শুভ ৰং :- বগা / গোলপীয়া ।
আদ্যঋতু :- পতিহিতা যোগ।
মৰণৰ দোষ :- নাই । ৰা:ঘ:- ৮/৪৯/৫৬ এপদ।
যাত্ৰা :- পশ্চিম দিশত নাই। ৰা:ঘ:- ৮/৪৯/ ৫৬ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত। ৰা:ঘ:- ৮/৪৯/ ৫৬ যোৱাত বাযু কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ। ৰা:ঘ:- ৮/৪৯/৫৯ যোৱাত তাল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত যিসকল শিল্পী আছে তেওঁলোকৰ আজিৰ দিনটোত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব যদিও আজি আন আন ব্যক্তি সকলে ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত জড়িত হ’বলৈ সক্ষম হব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সাৱধান নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি কৰ্মত সজাগ নহ’লে সামান্য বুদ্ধি ভ্ৰষ্ট হ’ব পাৰে ।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত আনন্দ বাঢ়িব, সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰিব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য সঞ্চিত ধন সম্পত্তি ক্ষয়-ক্ষতি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল খেতিয়ক আছে তেওঁলোকৰ সুনাম বাঢ়িব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখাটো ভাল হ’ব, লগতে আজি আপুনি কৰ্মত সকলো দিশতে সতৰ্কতা অৱলম্বন কৰাটো ভাল হ’ব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্য শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি ছোৱালী সকলে সজাগ নহ’লে সামান্য মনত কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত বন্ধুৰ লগত সামান্য মনোমালিন্য হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত ৰক্ত চাপ জনিত ৰোগত বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নভবাকৈ ধন- সন্মান লাভ কৰিব, ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপুনি নতুন প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!