🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৯ আহিন, বৃহস্পতিবাৰ, ইং ২৬ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৬/৫৯
সূৰ্য্যাস্ত ঘ :- ৫/১৩/৫৬
ৰাশি : – মিথুন ৰাশি। ৰা:ঘ:- ৯/৪৪/৪৩ যোৱাত কৰ্কট ৰাশি।
তিথি :- কৃষ্ণা নৱমী তিথি ।স:ঘ:- ৪/২৫/৪ যোৱাত কৃষ্ণা দশমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পুনৰ্ব্বসু । শে:ৰা:ঘ:- ৩/৪৮/৪৮ লৈ।
শুভ সংখ্যা :- ৭/৩
শুভ ৰং :- হালধীয়া/ৰঙা।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- দ্বিপদ । শে:ৰা:ঘ:- ৩/৪৮/৪৮ যোৱাত নাই ।
যাত্ৰা :- পূৱ দিশত নাই। স:ঘ:- ৪/২৫/৫ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত । স:ঘ:- ৪/২৫/৫ যোৱাত উত্তৰ দিশত।
ভক্ষাভক্ষ্য :- লাও খোৱা নিষেধ। স:ঘ:- ৪/২৫/৫ যোৱাত কলমৌ শাক খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, মনটো সামান্য বিষণ্ণ হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, হাতলৈ ধন ধান আহিব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যাত শুভ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে কৰ্মত সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত ভাল পৰিবেশন ভাল পৰিবেশন লাভ হোৱাৰ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, উত্তম বস্ত্ৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ সকলো কৰ্মতে সিদ্ধি লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ক্ষমতা বাঢ়িব, নতুন নতুন ব্যৱসায় বানিজ্য আৰম্ভণি কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ কৰ্মত আন ব্যক্তি পৰা সহায় সহযোগিতা লাভ কৰাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব সক্ষম হব, সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য চঞ্চল হ’ব, লগতে আজি আপোনাৰ মনত জেদ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ দেহ মনত কষ্ট আৰু এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বাঢ়িব, ধন সম্পত্তি আৰু সন্মান বাঢ়িব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ আতৰি থাকিবলৈ চেষ্টা কৰিব নহ’লে আজি আপোনাৰ ক্ষতি হব পাৰে।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205