🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১০ আহিন, শুক্ৰবাৰ, ইং ২৭ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৭/২৬
সূৰ্য্যাস্ত ঘ :- ৫/১৩/৫২
ৰাশি : – কৰ্কট ৰাশি।
তিথি :- কৃষ্ণা দশমী তিথি ।স:ঘ:- ৪/২৩/০০ যোৱাত কৃষ্ণা একাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পুষ্যা । শে:ৰা:ঘ:- ৪/৪৪/৮ লৈ।
শুভ সংখ্যা :- ৮/৬
শুভ ৰং :- চিত্ৰ- বিচিত্ৰ আৰু বগা।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- এপদ।
যাত্ৰা :- উত্তৰ দিশত নাই। স:ঘ:- ৪/২৩/০ যোৱাত উত্তৰ অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত । স:ঘ:- ৪/২৩/০ যোৱাত উত্তৰ অগ্নি কোনত।
ভক্ষাভক্ষ্য :- খোৱা নিষেধ। স:ঘ:- ৪/২৫/৫ যোৱাত কলমৌ শাক খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, নৃত্য শিল্পী আৰু সংগীত শিল্পী সকলৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধন হানি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, উত্তম ভোজন লাভ কৰিব, লগতে আজি আপোনাৰ সকলো কৰ্মতে জয় লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, আত্মীয় পৰিয়ালৰ আগমন হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বেমেজালিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধিৰ বিকাশ হ’ব, কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব , ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব,ঘৰত বা কৰ্মক্ষেত্ৰত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হ’ব, লগতে আজি আপুনি কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য লাভ কৰিব,মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে বন্ধু হানি বা মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ ধন- ধান সঞ্চয় হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ কৰ্ম আৰু ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, দেহ মনত সামান্য অৱসান ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য চোৰ বা ঠগ- প্ৰৱঞ্চকৰ পৰা সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বাঢ়িব, শিক্ষক সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205