🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৬ আহিন, বুধবাৰ, ইং ৩ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/২০/৮
সূৰ্য্যাস্ত ঘ :- ৫/৬/২৭
ৰাশি : – কন্যা ৰাশি। শে:ৰা:ঘ:- ৪/২৬/৩০ যোৱাত তুলা ৰাশি।
তিথি :- শুক্লা প্ৰতিপদ তিথি।ৰা:ঘ:- ১/৯/২৪যোৱাত শুক্লা দ্বিতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- হস্তা । দি:ঘ:- ৩/৯/৩৭ লৈ।
শুভ সংখ্যা :- ৩/৭
শুভ ৰং :- হালধীয়া/ ৰঙা ।
আদ্যঋতু :- বেশ্যা যোগ।
মৰণৰ দোষ :- নাই । ৰা:ঘ:- ১/৯/২৪ যোৱাত এপদ ।
যাত্ৰা :- পূৱ দিশত নাই। ৰা:ঘ:- ১/৯/২৪ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত। ৰা:ঘ:- ১/৯/২৪ যোৱাত উত্তৰ দিশত ।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ।ৰা:ঘ:- ১/৯/২৪ যোৱাত তিতা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আন ব্যক্তি পৰা সহায় সহযোগিতা লাভ কৰিব,ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, সন্মান লাভ কৰিব,বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য অৱসান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , অভিনয় শিল্পীসকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ শৰীৰৰ পৰা ৰোগ নাশ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব,কৰ্মত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, কৰ্মক্ষেত্ৰ আনৰ পৰা প্ৰসংসা লাভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ সৰু-সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, কৰ্মত সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত আপোনাৰ দ্বাৰা ভাতৃ স্থানীয় ব্যক্তিৰ কৰ্মত উন্নতি হ’ব, ঘৰুৱা কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত অধিক ফলাফল আশা কৰিলে মনৰ আশা ভংগ যদিও হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205