🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২১ আহিন, মঙ্গলবাৰ, ইং ৮ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/২২/২৩
সূৰ্য্যাস্ত ঘ :- ৫/১/৬
ৰাশি : – বৃশ্চিক ৰাশি। ৰা:ঘ:- ১২/৫৪/১৫ যোৱাত ধনু ৰাশি।
তিথি :- শুক্লা পঞ্চমী তিথি। পু:ঘ:- ৭/৬/১১ যোৱাত ষষ্ঠী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- জেষ্ঠ্যা । ৰা:ঘ:- ১২/৫৪/১৫ লৈ।
শুভ সংখ্যা :- ৮/৯
শুভ ৰং :- ৰঙা/ সোনালী ।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- এপদ ।
যাত্ৰা :- দক্ষিণ দিশত নাই। পু:ঘ:- ৭/৬/১১ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত। পু:ঘ:- ৭/৬/১১ যোৱাত পশ্চিম দিশত ।
ভক্ষাভক্ষ্য :- বেল খোৱা নিষেধ। পু:ঘ:- ৭/৬/১১ যোৱাত তিতা খোৱা নিষেধ।

বি.দ্ৰ:- আজি নৱৰাত্ৰিৰ ষষ্ঠটো দিন, আজি নৱদূৰ্গাৰ ষষ্ঠটো ৰূপ মা কাত্যায়াণী ৰূপত পূজা অৰ্চনা কৰা হ’ব

মন্ত্ৰ :- ওঁম হ্ৰীং শ্ৰী কাত্যায়াণী দূৰ্গেয়ৈ নমঃ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, অভিনয় শিল্পীসকলৰ মাজত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত জয় লাভ লাভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, ক’ৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, লগতে আজি আপোনাৰ উত্তম বস্ত্ৰ লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত উৎসাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধু লাভ কৰিব, নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব, লগতে আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত সঁহাৰি লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ হীন মান্যতা ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, নৃত্য আৰু সংগীত শিল্পী সকলৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দ্ৰব্য হানি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মানসিক ক্লেশ্ব ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত যিকোনো কৰ্ম আৰম্ভণি শুভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনটো সামান্য বিষণ্ণ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব যদিও আজি আন আন ব্যক্তি সকলৰ মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!