🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২২ আহিন, বুধবাৰ, ইং ৯ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/২২/৫০
সূৰ্য্যাস্ত ঘ :- ৫/০/২
ৰাশি : – ধনু ৰাশি।
তিথি :- শুক্লা ষষ্ঠী তিথি। পু:ঘ:- ৭/২৯/৩০ যোৱাত সপ্তমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- মূলা । ৰা:ঘ:- ১/৩২/৩৮ লৈ।
শুভ সংখ্যা :- ৫/৯
শুভ ৰং :- বগা/ সেউজীয়া।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- নাই । ঘ:- ৭/২৯/৩০ এপদ।
যাত্ৰা :- পশ্চিম দিশত নাই। পু:ঘ:- ৭/২৯/৩০ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত । পু:ঘ:- ৭/২৯/৩০ যোৱাত বাযু কোনত।
ভক্ষাভক্ষ্য :- নিম তিতা খোৱা নিষেধ। পু:ঘ:- ৭/২৯/৩০ যোৱাত তাল খোৱা নিষেধ।

বি:দ্ৰ:- আজি নৱৰাত্ৰিৰ সপ্তমটো দিন।
আজি ৰাতিপুৱা ৭/২৯ মিনিটত যোৱাৰ পিছত নৱদূৰ্গাৰ সপ্তমটো ৰূপ ” কালৰাত্ৰী” ৰূপত পূজা অৰ্চনা কৰা হ’ব।

মন্ত্ৰ:- ওঁম হ্ৰীং শ্ৰী কালৰাত্ৰী দূৰ্গেয়ৈ নমঃ

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, সামাজিক কৰ্মত জড়িত হ’বলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হ’বলৈ সুযোগ লাভ কৰিব,আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া হোৱাৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, শুভ কৰ্মলৈ মনোনিবেশ হ’ব, যদিও আজি আপুনি দেহ মন কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আনে নিন্দা কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- ধান আহিব পাৰে, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, লগতে আজি আপোনাৰ ধন আগমন হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, মনত জেদ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ আৰ্থিক দিশটো টনকিয়াল হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সিদ্ধি লাভ কৰিব, ভ্ৰমণত আনন্দ বাঢ়িব, লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ লাভ কৰিব ।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, লগতে আজি আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি খেতিয়ক সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত সঞ্চয় বাঢ়িব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!