🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৩ কাতি, বুধবাৰ, ইং ৩০ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৩৪/১
সূৰ্য্যাস্ত ঘ :- ৪/৪০/৩২
ৰাশি : – কন্যা ৰাশি।
তিথি :- কৃষ্ণ ত্ৰযোদশী । দি:ঘ:- ১২/৫৯/১৩ যোৱাত কৃষ্ণা চতুৰ্দ্দশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- হস্তা । ৰা:ঘ:- ১০/১৫/৪৯ লৈ।
শুভ সংখ্যা :- ৩/৫
শুভ ৰং :- বগা / সেউজীয়া।
আদ্যঋতু :- বেশ্যা যোগ।
মৰণৰ দোষ :- নাই, দোষ ,দি:ঘ:- ১২/৫৯/১৩ যোৱাত এপদ।
যাত্ৰা :- দক্ষিণ দিশত নাই। দি:ঘ:- ১২/৫৯/১৩ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত। দি:ঘ:- ১২/৫৯/১৩ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ। দি:ঘ:- ১২/৫৯/১৩ যোৱাত মাছ মাংস খোৱা নিষেধ।
My YouTube Link :- https://youtube.com/@astrologernayanjyotisarma8497
১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনত সামান্য খংঙ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, কৰ্মক্ষেত্ৰত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন কাপোৰ লাভ কৰিব পাৰে, মনটো সামান্য আবেগিক হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ধন- ধান নাশ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ সকলৰ আজিৰ দিনটোত মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি দুৰ্ঘটনাৰ সন্মুখীন হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, মনত সামান্য চিন্তা ভাৱনাবোৰ বাঢ়িব পাৰে লগতে আজি আপোনাৰ ধন – সম্পত্তি ক্ষয় হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, সম্পত্তি বাঢ়িব, উৎসৱ পাৰ্বনত জড়িত হ’বলৈ সক্ষম হব, লগতে আজি আপোনাৰ যান বাহন পৰা সুখ- শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত ভাল পৰিবেশন লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুদ্ধিৰ উদয় হব, যদিও আজি আপোনাৰ দেহ মনত সামান্য অৱসাদ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাম্বিত হ’ব পাৰিব, সন্মান বাঢ়িব, ছাত্ৰ- ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু পৰাস্ত হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, লগতে আজি আপুনি ভাল সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, সঞ্চয় বাঢ়িব, যদিও আজি আপোনাৰ মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, শত্ৰু নাশ হব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সাধাৰণ আঘাত পাৱলগীয়া হ’ব পাৰে।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205