🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৪ কাতি, বৃহস্পতিবাৰ, ইং ৩১ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৩৪/৪১
সূৰ্য্যাস্ত ঘ :- ৪/৩৯/৫৫
ৰাশি : – কন্যা ৰাশি। দি:ঘ:- ১১/২২/২ যোৱাত তুলা ৰাশি।
তিথি :- কৃষ্ণ চতুৰ্দ্দশী । দি:ঘ:- ৩/৭/২৩ যোৱাত অমাৱস্যা তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- চিত্ৰা । ৰা:ঘ:- ১২/২৭/৩৫ লৈ।
শুভ সংখ্যা :- ৪/৩
শুভ ৰং :- হালধীয়া/ ৰঙা
আদ্যঋতু :- বেশ্যা যোগ।
মৰণৰ দোষ :- এপদ দোষ , দি:ঘ:- ৩/৭/২৩ যোৱাত নাই ।
যাত্ৰা :- পশ্চিম দিশত নাই। দি:ঘ:- ৩/৭/২৩ যোৱাত ঈশান কোনত নাই।
যোগিনী :- পশ্চিম দিশত । দি:ঘ:- ৩/৭/২৩ যোৱাত ঈশান কোনত ।
ভক্ষাভক্ষ্য :- মাছ মাংস,তেল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত উৎসৱৰ মুখৰ পৰিবেশৰ সৃষ্টি হ’ব, পুৰণি বিবাদ নিষ্পত্তিৰ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ কৰ্মত নতুনত্ব আহিব।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ আৰু কৰ্মত ক্ষেত্ৰত শুভ বুলি কব পাৰি, কৰ্মত সন্ধান লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনত্ব আহিব, লগতে আজি আপোনাৰ কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, আত্মীয় পৰিয়ালৰ পৰা মনত সুখ শান্তি লাভ কৰিব, লগতে আজি আপোনাৰ নতুন ব্যৱসায় বানিজ্যৰ শুভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপোনাৰ ঘৰৰ জেষ্ঠ্য ব্যক্তিৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, কৰ্মত সন্মান বাঢ়িব, খেতিয়ক সকলৰ শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ ধন সন্মান প্ৰাপ্তিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামান্য ব্যয় বৃদ্ধি পালে পাৰে, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, মনত নতুন আশাৰ সঞ্চাৰ হ’ব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত গৌৰৱ অনুভৱ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত পিতৃ মাতৃৰ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ কৰিব, কৰ্মত জয় লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ব্যস্ততা বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি নৃত্য আৰু সংগী শিল্পী সকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205