🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৮ কাতি, সোমবাৰ, ইং ৪ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৩৭/১৭
সূৰ্য্যাস্ত ঘ :- ৪/৩৩/১৭
ৰাশি : – বৃশ্চিক ৰাশি।
তিথি :- শুক্লা তৃতীয়া। ৰা:ঘ:- ৯/১০/৩৩ যোৱাত শুক্লা চতুৰ্থী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অনুৰাধা। প্ৰা:ঘ:- ৭/৯/২৮ লৈ।
শুভ সংখ্যা :- ৫/২
শুভ ৰং :- বগা / গোলপীয়া।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- অগ্নি কোনত নাই। ৰা:ঘ:- ৯/১০/৩৩ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত । ৰা:ঘ:- ৯/১০/৩৩ যোৱাত নৈঋত কোনত ।
ভক্ষাভক্ষ্য :- পটল খোৱা নিষেধ। ৰা:ঘ:- ৯/১০/৩৩ যোৱাত মূলা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- আশীৰ্বাদৰ লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব যদিও আজি শিল্পী সকলৰ শুভ বুলি কব পাৰি।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, কৰ্মত জয় লাভ কৰিব লগতে আজি আপোনাৰ কৰ্মত নতুনত্ব অহাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব,মনত শুভ বুদ্ধিৰ উদয় হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য বিষণ্ণ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, মনত শুভ বুদ্ধিৰ উদয় হ’ব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব,মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি লগতে আজি সংগীত শিল্পী সকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে যদিও আজি আপুনি বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, আনন্দ মনে দিনটো পাৰ হ’ব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য অৱসান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে উন্নতি লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!