🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৯ কাতি, মঙ্গলবাৰ, ইং ৫ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৩৭/৪১
সূৰ্য্যাস্ত ঘ :- ৪/৩৬/৪০
ৰাশি : – বৃশ্চিক ৰাশি। ঘ:- ৮/২৪/৫২ যোৱাত ধনু ৰাশি।
তিথি :- শুক্লা চতুৰ্থী। ৰা:ঘ:- ৯/৩৪/২৫ যোৱাত শুক্লা পঞ্চমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- জেষ্ঠা। প্ৰা:ঘ:- ৮/২৪/৫২ লৈ।
শুভ সংখ্যা :- ৬/১
শুভ ৰং :- ৰঙা/ সোনালী।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- এপদ।
যাত্ৰা :- নৈঋত কোনত নাই। ৰা:ঘ:- ৯/৩৪/২৫ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত । ৰা:ঘ:- ৯/৩৪/২৫ যোৱাত দক্ষিণ দিশত।
ভক্ষাভক্ষ্য :- মূলা খোৱা নিষেধ। ৰা:ঘ:- ৯/৩৪/২৫ যোৱাত বেল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আদৰ্শবাদী মনোভাৱ বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, আৰ্থিক দিশটো টনকিয়াল হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব , মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, কৰ্মত ভাল পৰিবেশন লাভ কৰিব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হ’ব, যদিও আজি আপুনি সজাগ নহ’লে আত্মীয় পৰিয়ালৰ লগত বা বন্ধু লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, শুভ সংবাদ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে দেহ মন সামান্য দুৰ্বল হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি কৰ্মত সকলো দিশতে সংযমী হোৱাটো ভাল হ’ব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, যদিও আজি আপুনি হীনমান্যতাত ভুগিব লগিয়া কৰ্মৰ পৰা বা মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, শিক্ষক সকলৰ সুনাম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সাহস হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত আৰ্থিক দিশত উন্নতি হ’ব, সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত নতুন যোগাযোগ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক উন্নতি হ’ব, সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত লৈ চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!