🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৫ ভাদ, ৰবিবাৰ, ইং ১ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫/৪৪
সূৰ্য্যাস্ত ঘ :- ৫/৪০/৪৬
ৰাশি : – কৰ্কট ৰাশি। ৰা:ঘ:- ২০/৪৪/৩৮ যোৱাত সিংহ ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্দ্দশী । শে:ৰা:ঘ:- ৫/০/২১ যোৱাত অমাৱস্যা তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অশ্লেষা ,ৰা:ঘ:- ১০/৪৪/৪৬ লৈ।
শুভ সংখ্যা :- ৫/৩
শুভ ৰং :- ৰঙা/ হালধীয়া।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- দ্বিপদ। শে:ৰা:ঘ:- ৫/০/২১ যোৱাত এপদ।
যাত্ৰা :- পশ্চিম দিশত নাই। শে:ৰা:ঘ:- ৫/০/২১ যোৱাত পূৱ দিশত নাই।
যোগিনী :- পশ্চিম দিশত । শে:ৰা:ঘ:- ৫/০/২১ যোৱাত পূৱ দিশত ।
ভক্ষাভক্ষ্য :- মিটিমাহ , মাছ মাংস খোৱা নিষেধ। শে:ৰা:ঘ:- ৫/০/২১ যোৱাত মাছ মাংস খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত সমাপ্ত কৰিবলৈ সক্ষম হব,সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব যদিও আজি আন আন ব্যক্তি সকলে সজাগ নহ’লে মনত সামান্য অহংকাৰী মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত নিবনুৱা সকলে নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি কৰ্মচাৰী সকলৰ বদলি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে,প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি মহিলা কৰ্মচাৰী সকলে সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, সকলো কৰ্মত সিদ্ধি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনটো আৱেগিক হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্ম স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব, কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত মৰ্য্যদা লাভ কৰিব, সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, আত্মীয় পৰিয়ালৰ আগমন হ’ব , লগতে আজি আপোনাৰ পিতৃ মাতৃৰ পৰা মৰম- চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনৰ আশা ভংগ হ’ব পাৰে, সামান্য ব্যয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি বিবাদ নিষ্পত্তিৰ কৰিবলৈ সক্ষম হব, আপোনাৰ কৰ্মৰ দ্বাৰা আপুনি প্ৰসংসা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন দ্বায়িত্ব লাভ কৰিব লগতে আজি আপোনাৰ পদোন্নতি লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!