🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৪ আঘোন, বুধবাৰ, ইং ২০ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৪৯/৩৬
সূৰ্য্যাস্ত ঘ :- ৪/২৯/৩৬
ৰাশি : – মিথুন ৰাশি। ঘ:- ১/৭/৪১ যোৱাত কৰ্কট ৰাশি।
তিথি :- কৃষ্ণা পঞ্চমী। ৰা:ঘ:- ৮/৩৬/৫৩ যোৱাত কৃষ্ণা ষষ্ঠী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূনৰ্ব্বসু । ৰা:ঘ:- ৭/৯/২৮ লৈ।
শুভ সংখ্যা :- ৩/৫
শুভ ৰং :- বগা / সেউজীয়া।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- দ্বিপদ, ৰা:ঘ:- ৭/৯/২৬ যোৱাত নাই ।
যাত্ৰা :- দক্ষিণ দিশত নাই। ৰা:ঘ:- ৮/৩৬/৫৩ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত । ৰা:ঘ:- ৮/৩৬/৫৩ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেল খোৱা নিষেধ। ৰা:ঘ:- ৮/৩৬/৫৩ যোৱাত তিতা খোৱা নিষেধ।

My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি সঞ্চয় মনোভাৱ বাঢ়িব, আনন্দ মনে দিনটো পাৰ হ’ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিপৰীত লিংগৰ ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হব, পুৰণি সমস্যাৰ সমাধান হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত আৰু ব্যৱসায়িক দিশত শুভ বুলি কব পাৰি লগতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক ভাৱে সফলতাৰে আগুৱাই যাবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অধিক দ্বায়িত্ব বাঢ়িব, বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক দিশত শুভ বুলি কব পাৰি, যদিও আজি আন আন ব্যক্তি সকলে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আত্মবিশ্বাস বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব লগতে আজি আপোনাৰ ধন সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ দেহ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- সম্পত্তি আহিব, লগতে আজি আপোনাৰ কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত উত্তম ভোজন লাভ কৰিব, ক’ৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপুনি শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!