🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৫ আঘোন, বৃহস্পতি বাৰ, ইং ২১ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫০/২১
সূৰ্য্যাস্ত ঘ :- ৪/২৯/৬
ৰাশি : – কৰ্কট ৰাশি।
তিথি :- কৃষ্ণা ষষ্ঠী। ৰা:ঘ:- ৮/৪৫/১৯ যোৱাত কৃষ্ণা সপ্তমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পুষ্যা । ৰা:ঘ:- ৭/৪৭/৩৫ লৈ।
শুভ সংখ্যা :- ৩/৪
শুভ ৰং :- হালধীয়া/ ৰঙা।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- নাই, ৰা:ঘ:- ৮/৪৫/১৯ যোৱাত এপদ ।
যাত্ৰা :- পশ্চিম দিশত নাই। ৰা:ঘ:- ৮/৪৫/১৯ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত। ৰা:ঘ:- ৮/৪৫/১৯ যোৱাত বাযু কোনত ।
ভক্ষাভক্ষ্য :- নিম তিতা খোৱা নিষেধ। ৰা:ঘ:- ৮/৪৫/১৯ যোৱাত তাল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰনি সমস্যাৰ সমাধান হ’ব, কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নিষ্ঠা সহকাৰে কৰ্মবোৰ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত হতাশাৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব,প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে সামান্য সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত সামান্য বাধাৰ মাজেৰে নতুনত্ব অহাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব,শুভ সংবাদ লাভ কৰিব, লগতে আজি আপুনি লগ বন্ধুৰ পৰা সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সিদ্ধি লাভ কৰিব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব,মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- ধান আহিব, সন্মান বাঢ়িব, কৰ্মত লক্ষ্যক্ষেত্ৰত উপনিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ছাত্ৰ ছাত্ৰী সকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, লগতে আজি আপুনি ক’ৰবাত পাবলগীয়া ধন সম্পত্তি সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, যৌথ ব্যৱসায়ত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205