🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৭ আঘোন, শনিবাৰ, ইং ২৩ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫১/৫৪
সূৰ্য্যাস্ত ঘ :- ৪/২৮/৭
ৰাশি : – সিংহ ৰাশি।
তিথি :- কৃষ্ণা অষ্টমী। ৰা:ঘ:- ১০/২৬/১ যোৱাত কৃষ্ণা নৱমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- মঘা। ৰা:ঘ:- ১০/৩২/১ লৈ।
শুভ সংখ্যা :- ৬/৭
শুভ ৰং :- নীলা/ বেঙুনীয়া।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- এপদ ।
যাত্ৰা :- ঈশান কোনত নাই। ৰা:ঘ:- ১০/২৬/১ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত। ৰা:ঘ:- ১০/২৬/১ যোৱাত পূৱ দিশত ।
ভক্ষাভক্ষ্য :- নাৰিকল খোৱা নিষেধ। ৰা:ঘ:- ১০/২৬/১ যোৱাত লাও খোৱা নিষেধ।
My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎপাত বাঢ়িব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যম ফলাফল লাভ কৰিব লগতে আজি আপোনাৰ ধন সম্পত্তি লৈ সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ সন্মান বাঢ়িব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ সন্ধান লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সঞ্চিত ধন ক্ষয় হ’ব পাৰে, লগতে আজি আপুনি সন্মান হানি হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে, ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল কাপোৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত উন্নতি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু বাঢ়িব পাৰে, লগতে আজি আপোন জনৰ বাবে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত শ্ৰদ্ধা ভক্তি ভাৱ বাঢ়িব, ধন- সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে যদিও আজি আপোনাৰ ঘৰলৈ লগ বন্ধুৰ আগমন হ’ব পাৰে, লগতে আজি আপুনি আনৰ পৰা মৰম- চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ধন- সম্পত্তি বাঢ়িব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপোনাৰ সামান্য সন্তানৰ চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপুনি নিজাকৈ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাতো ভাল হ’ব।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205